ত্ৰিপুৰাৰ পথত চুৰাইবাৰীত উদ্ধাৰ ১০ কোটি টকাৰ হেৰ’ইন...

ত্ৰিপুৰাৰ পথত চুৰাইবাৰীত উদ্ধাৰ ১০ কোটি টকাৰ হেৰ’ইন...

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰাৰ পথত চুৰাইবাৰীত উদ্ধাৰ ১০ কোটি টকাৰ হেৰ’ইন...

ত্ৰিপুৰাৰ পথত চুৰাইবাৰীত উদ্ধাৰ ১০ কোটি টকাৰ হেৰ’ইন...

ডিজিটেল ডেস্কঃ উত্তৰ জিলা আৰক্ষীয়ে পুনৰ ড্ৰাগছ বিৰোধী অভিযানত যথেষ্ট সফলতা লাভ কৰিছে। চুৰাইবাৰী আৰক্ষীয়ে জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত ১০ কোটি টকাৰ হেৰ’ইনসহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

Advertisment

এই ঘটনাত প্ৰকাশ অসমৰ MN01AK-3139 নম্বৰৰ চুমো বাহন ত্ৰিপুৰাত প্ৰৱেশ কৰি থকা অৱস্থাত আৰক্ষী অধীক্ষক ভানু পদ চক্ৰৱৰ্তী আৰু অ’চি সমৰেশ দাসৰ নেতৃত্বত চুৰাইবাৰী আৰক্ষীয়ে গাড়ীখন আটক কৰি তালাচী চলাওঁতে ছাদৰ পৰা এই বিপুল পৰিমাণৰ হেৰ’ইন ওলাই আহে বাহনখনৰ।

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, ১০০টা চাবোনৰ বাকচত মুঠ ১ কেজি আৰু ৩০০ গ্ৰাম অবৈধ হেৰ’ইন আছিল যাৰ ক’লা বজাৰ মূল্য ১০ কোটি টকা। ইফালে গাড়ীখনৰ চালকৰ সৈতে আন দুজন সৰবৰাহকাৰীক আটক কৰে।

আব্দুল আলী সমৰ কৃষ্ণ দাস নামৰ দুইজনক প্ৰাথমিক জেৰাৰ অন্তত আৰক্ষীয়ে আটক কৰি এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।

Also Read: এছিয়াৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদ আৰু নাই...

চুৰাইবাৰী