এছিয়াৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদ আৰু নাই...

এছিয়াৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদ আৰু নাই...

author-image
Asomiya Pratidin
New Update
এছিয়াৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদ আৰু নাই...

এছিয়াৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদ আৰু নাই...

ডিজিটেল সংবাদ গহপুৰঃ বৃহৎ চাহ গোষ্ঠী জৰ্জ উলিয়ামচন মেগৰ কোম্পানীৰ প্ৰতীক তথা শোণিতপুৰ জিলাৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদৰ আজি শেষনিশা প্ৰায় ৩.৩০ বজাত মৃত্যু হয়। হাতীটোৰ বয়স অনুমানিক ৮৯ বছৰ হৈছিল।

Advertisment

দিকৰাই চাহ বাগিচাৰ পৰা পোৱালী অৱস্থাতে ৩০/৪০ দশকতে বৰগাং চাহ বাগিচালৈ অনা হৈছিল আৰু বিজুলী প্ৰসাদ নামেৰে বিখ্যাত হৈ পৰা হাতীটো বৰগাং চাহ বাগিচা বিক্ৰী হৈ যোৱাৰ পাছত শেহতীয়া ভাবে বিহালী চাহ-বাগিচাত আনি ৰখা হৈছিল।

বিজুলী প্রসাদৰ চাৰিবাৰকৈ দাঁত কটা হৈছিল। ইতিমধ্যে বৰগাং বানাঞ্চলিক বিষয়া চক্ৰপাণি ৰয় নেতৃত্বত এটা বন বিভাগৰ দলে ইতিমধ্যে মৃত বিজুলী প্ৰসাদৰ কাষত গৈ উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা আৰু দাঁত কটাৰ পিছত তাতে গাত খান্দি সৎকাৰ কৰে।

বিজুলী প্ৰসাদৰ সৈতে বহুতৰে স্মৃটি জড়িত হৈ আছে ফলত হাতীটোৰ মৃত্যুত প্ৰকৃতি প্ৰেমী, চাহ বাগিচাৰ কৰ্তৃপক্ষ লগতে ৰাইজে গভীৰ দুখ প্ৰকাশ কৰিছে। বিজুলী প্ৰসাদৰ মৃত্যুত উলিয়ামচন মেগৰৰ এক ইতিহাসৰ অন্ত পৰিল।

Also Read: ১৯৪২ ৰ ২০ আগষ্টৰ গৌৰৱোজ্বল ইতিহাস স্মৰণেৰে চতিয়া দিৱস উদযাপন...

বিজুলী প্ৰসাদ