কাছাৰত কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ

কাছাৰত কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ

author-image
Asomiya Pratidin
New Update
কাছাৰত কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ

ডিজিটেল সংবাদ, শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান। গোপন তথ্যৰ ভিত্তিত সোণাই থানাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নতুন বজাৰ এলেকাৰ পৰা ২৩টা হেৰ'ইনৰ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ ৩৩০.০৭ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়।

Advertisment

উল্লেখযোগ্য যে জব্দ কৰা হেৰ'ইনখিনিৰ‌ ক'লা বজাৰত মূল্য ২কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ আইজলৰ পৰা কাছাৰলৈ অনাৰ সময়ত সোণাই আৰক্ষীয়ে জব্দ কৰে। নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আব্দুল হাছান লস্কৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে ধৃত আব্দুল হাছানৰ ঘৰ সোণাই থানাৰ অন্তৰ্গত ডুংৰিপাৰত। ধৃত সৰবৰাহকাৰী জনক বৰ্তমান সোণাই থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: ধেমাজি মহাবিদ্যালয়ত ৩অধ্যাপকক দু-ব্যৱহাৰ অধ্যক্ষৰঃ অধ্যাপকৰ পদত্যাগ পত্ৰ দাখিল

HEROIN SEIZED kachar