ডিজিটেল সংবাদ,শিলচৰঃ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে ৩ কোটি ২০ লাখ টকাৰ হেৰ'ইন জব্দ কৰিছে। ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে শিলচৰৰ কাঠাল ৰোডৰ পৰা এই হেৰ'ইন খিনি জব্দ কৰা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।
এ এছ ২১ এফ -২৪১১ নম্বৰৰ এখন বাইকত তালাচী চলাই উদ্ধাৰ কৰা হয় ৪৪ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা সন্দেহজনক ৬৩৫ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাইক চালক তথা সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰিছে।
ধৃত সৰবৰাহকাৰী জনৰ নাম পাৰুল আহমেদ বৰভূঞা । পাৰুল আহমেদ বৰভূঞাৰ ঘৰ সোণাই এলেকাৰ কচুদৰম, চতুৰ্থ খণ্ডত। জব্দ কৰা হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰা হৈছিল। ইফালে, শিলচৰত ড্ৰাগছ জব্দ কৰা বিষয়টো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তেওৰ ফেচবুক একাউন্টত আপডেত কৰি কাছাৰ আৰক্ষীক প্ৰশংসা কৰিছে।