জৰ্জিয়া মেলোনিৰ আত্মজীৱনীত প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ প্ৰস্তাৱনা...

ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেলোনীৰ আত্মকথাৰ ভাৰতীয় সংস্কৰণ “I Am Giorgia – My Roots, My Principles”–ৰ প্ৰস্তাৱনা স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে লিখিছে।

New Update
1

ডিজিটেল ডেস্কঃ  ভাৰতত মুকলি হ’ব ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ আত্মজীৱনী। মুকলিৰ পূৰ্বেই ইতিমধ্যে শিৰোনাম দখল কৰিছে আত্মজীৱনীখনে। পাঠকে এই আত্মজীৱনীখনত মেলোনীৰ জীৱনৰ আভাস পাব। 

ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেলোনীৰ আত্মকথাৰ ভাৰতীয় সংস্কৰণ “I Am Giorgia – My Roots, My Principles”–ৰ প্ৰস্তাৱনা স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে লিখিছে। কিতাপখনত মেলোনীৰ সকলো ব্যক্তিগত কথা উদঙাই ৰখা হৈছে।

উক্ত কিতাপখনক লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে লিখা প্ৰস্তাৱনাত মেলোনীৰ জীৱনযাত্ৰাক “তেওঁৰ ‘মন কি বাত’” বুলি অভিহিত কৰিছে। মেলোনীৰ আত্মজীৱনীৰ শিৰোনাম হৈছে “I Am Giorgia – My Roots, My Principles” আৰু ইয়াক ৰূপা পাব্লিকেচনে মুকলি কৰিব।

আত্মজীৱনীখন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰস্তাৱনাত  উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী মেলোনীৰ জীৱন ৰাজনৈতিক শক্তি বা ক্ষমতাৰ বিষয়ে নহয়, বৰঞ্চ সাহস, বিশ্বাস আৰু জনসেৱাৰ প্রতি উছৰ্গিত-  এই উদ্দেশ্যৰে লিখা হৈছে। লগতে মেলোনীক তেওঁ “দেশভক্ত” আৰু “আধুনিক যুগৰ এক বিশিষ্ট নেতা” হিচাপে বর্ণনা কৰিছে।

প্ৰধানমন্ত্ৰী মোডীৰ ভাষাত, "যোৱা ১১ বছৰত মই বহু বিশ্ব নেতাক লগ পোৱাৰ সৌভাগ্য লাভ কৰিছো, প্ৰত্যেকৰে জীৱন যাত্ৰা বেলেগ বেলেগ। প্ৰায়ে, তেওঁলোকৰ যাত্ৰাই ব্যক্তিগত কাহিনীক অতিক্ৰম কৰি বৃহত্তৰ কিবা এটা উন্মোচন কৰে। সংস্কৃতি আৰু শতিকাজুৰি স্থায়ী হৈ থকা আদৰ্শৰ কথা আমাক সোঁৱৰাই দিয়ে। প্ৰধানমন্ত্ৰী মেলোনীৰ সফল জীৱনে এনে বহু উদাহৰণ দাঙি ধৰিছে, যাৰ বাবে এই গ্ৰন্থখন ইমান বিশেষ। তেওঁৰ যাত্ৰা- প্ৰেৰণাদায়ক আৰু ঐতিহাসিক।" 

নৰেন্দ্ৰ মোডী