/asomiyapratidin/media/media_files/2025/01/09/0f2thjhjxPpzQftsfrb6.jpg)
হেমচন্দ্ৰ গোস্বামীৰ জন্মবাৰ্ষিকী Photograph: (হেমচন্দ্ৰ গোস্বামীৰ জন্মবাৰ্ষিকী)
ডিজিটেল ডেস্কঃ অসমীয়া সাহিত্যক সমৃদ্ধ কৰা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ১৫৩সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। উজান বজাৰস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত উপস্থিত থাকে শতাধিক গণ্যমাণ্য লোক।
/asomiyapratidin/media/media_files/2025/01/08/DyQ9IbxAiawFh41kWkIq.jpg)
গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটি আৰম্ভণিতে সংগীতৰ মায়াজালেৰে এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী সুনীতা খাউণ্ডে। পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডাঃ নৱ গোস্বামীৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাৰ লগতে নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীও।
/asomiyapratidin/media/media_files/2025/01/08/r9e6NFchMV7y5IHbwq84.jpg)
কামৰূপ মহানগৰৰ আয়ুক্ত পাৰ্থসাৰথি মহন্ত, বিশিষ্টা লেখিকা তথা অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱী, কবি নিলীম কুমাৰকে ধৰি বহুকেইখন ভিন্নক্ষেত্ৰৰ ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানটিত।
/asomiyapratidin/media/media_files/2025/01/08/clH6dNbG8Izy5GcwY14z.jpg)
অনুষ্ঠানটিত অসম সাহিত্য সভা আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱন কৃতিক লৈ বিশেষভাৱে ভাষণ প্ৰদান কৰে মৃণালিনী দেৱীয়ে। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়েও পণ্ডিতগৰাকীৰ অৱদানৰ কথা সোঁৱৰে।
/asomiyapratidin/media/media_files/2025/01/08/e2R2pxp8fg6us6EK1ZXe.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, সন্ধিয়া প্ৰায় ৬বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানটিত আন কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটি সফলভাৱে ৰূপায়িত হোৱাত সহযোগ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নাতি তথা পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডাঃ নৱ গোস্বামীয়ে।