/asomiyapratidin/media/media_files/2025/02/09/b7lZ1IsvIk7wp96QVRx7.png)
ডিজিটেল সংবাদ,জামুগুৰিহাট: জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ আজি অন্তিম দিন ৷ এই উপলক্ষে পুৱা মহাবিদ্যালয় প্ৰাংগণৰ পৰা ওলোৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে যশস্বী অভিনেত্ৰী চেতনা দাসে ৷
ৰাইজৰ বিপুল দাবীৰ পৰিপেক্ষিত্বত জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে উদ্বোধনী ভাষনৰ মাজতে নাটকৰ বচন আওৰাই সকলোৰে মন আপ্লুত কৰে ৷ ইয়াৰ পাছতে অভিনেত্ৰী গৰাকীয়ে দলটোৰ সৈতে মহাবিদ্যালয় চৌহদৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ জামুগুৰি ব্যৱসায় কেন্দ্ৰ পৰ্যন্ত পৰিভ্ৰমণ কৰে।
শোভাযাত্ৰা কৰি পুনৰ মহাবিদ্যালয় খনিলৈ উভতি আহে দলটো ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন হোৱা এই বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাই জামুগুৰিহাটত আজি ঐক্য, সমন্বয়, সম্প্ৰীতিৰ বৰ অসমৰ প্ৰতিচ্ছবিকেই উদ্ভাষিত কৰে ৷