/asomiyapratidin/media/media_files/2025/02/08/aKiQ8YTn8SEZJRX084Jb.png)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ আজি দ্বিতীয় দিন। ন-পুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলনৰে কাৰ্যসূচীৰ পাতনি মেলা অনুষ্ঠানত মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷
মহাবিদ্যালয় খনৰে প্ৰাক্তন ছাত্ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বানেশ্বৰ বৰাৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানটিত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি তত্ত্ব গধুৰ বক্তব্য প্ৰদান কৰে গুৱাহাটীৰ বিশিষ্ট চিকিৎসক তথা সাংস্কৃতিক সাধক ডা° অঞ্জনজ্যোতি চৌধুৰীয়ে।
বিয়লি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অঞ্জন ওজাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ “নদুৱাৰৰ জলঙাৰে হেঙুলীয়া সোপান” শুভ উন্মোচন কৰে জয়ন্ত বৰুৱাই ৷
এই গ্ৰন্থ উন্মোচনীত উপস্থিত থাকি উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই আন এখন গ্ৰন্থ ত্যাগবীৰ হেমবৰুৱা: ব্যক্তি আৰু ব্যক্তিত্ব উন্মোচন কৰে লগতে বাৰেচহৰীয়া আৰু হাজাৰী ভাওনা উন্মোচন কৰে প্ৰাক্তন অধ্যক্ষ ড° অঞ্জন ওজাই ৷ অনুষ্ঠানত উপস্থিত থাকি অতিথি সকলক সংগ দিয়ে সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকাই।
ইয়াৰ পাছতে অনুষ্ঠিত হ'ব লগা মুকলি সভাত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰিব অসমৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে ৷ হীৰক জয়ন্তী সমাৰোহৰ অন্তিম দিনা অৰ্থাৎ ৯ ফেব্ৰুৱাৰীৰ পুৱা উলিয়াব লগীয়া বাৰে বৰনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব যশস্বী অভিনেত্ৰী চেতনা দাসে ৷
মুকলি সভাৰ পিছত অন্তিম কাৰ্য্যসূচী হিচাবে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান শুভ উদ্বোধন কৰিব উদযাপন সমিতিৰ সভাপতি বিধায়ক পদ্ম হাজৰিকাই ৷ এই সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্টৰ অভিনেতা-অভিনেত্ৰী উপস্থিত থকা লগতে জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰগোঁহাইৰ সংগীতানুষ্ঠান হ'ব বিশেষ আকৰ্ষণ৷