গুৱাহাটী বিশ্ববিদ্যালয়ত হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জন্মবাৰ্ষিকী পালন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত স্থাপিত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। এই অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ উৎপল শৰ্মা

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
২

ডিজিটেল সংবাদ,গুৱাহাটীঃ  আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জন্মবাৰ্ষিকী। সেই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। জাতীয় জীৱনৰ সংকট কালত অসমীয়া ভাষাৰ পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰা ভাষাৰ ওজা গৰাকীৰ জন্মদিনটোত প্ৰতিবছৰৰ দৰে এইবেলিও ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ বাকৰিত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

Advertisment

hh

পুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত স্থাপিত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। এই অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ উৎপল শৰ্মা, অধ্যাপক ড০ চন্দন গোস্বামী,মঞ্চৰ কাৰ্যকৰী সভাপতি ডাঃ জয়দেব শৰ্মা, গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া,বিভিন্ন বিভাগৰ মূৰব্বী অধ্যাপক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। 

hh

হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক উৎপল শৰ্মাই। লগতে অসমীয়া ভাষাক ন-ৰূপ প্ৰদান কৰাত হেমচন্দ্ৰ বৰুৱাৰ যি অৱদান তাক স্মৰণ কৰে পঞ্জীয়ক গৰাকীয়ে।উক্ত অনুষ্ঠানত উপস্থিত থকা যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মূৰব্বী অধ্যাপক ড০ চন্দন গোস্বামীয়ে ভাষাৰ ওজাগৰাকীক স্মৰণ কৰি চমু ভাষণ ৰাখে।

h

উল্লেখযোগ্য যে ইলোৰা বিজ্ঞান মঞ্চই প্ৰতি বছৰে ভাষাৰ ওজাগৰাকীৰ জন্মদিনটো কু-সংস্কাৰ অন্ধবিশ্বাসবিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি হেমচন্দ্ৰ উদ্যানত গছপুলি ৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।

 

গুৱাহাটী বিশ্ববিদ্যালয়