হাইস্কুল শিক্ষান্ত পৰীক্ষাত হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰৰ ১০পৰীক্ষাৰ্থী উত্তীৰ্ণ...

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত প্ৰতিষ্ঠিত এই বিদ্যালয়খনত বিনামূলীয়াকৈ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীক শিক্ষা প্ৰদান কৰা হয়। বিদ্যালয়খনৰ সমুদায় ব্যয় বহন কৰে হেমচন্দ্ৰ বৰুৱা ন্যাসৰ হৈ হেমকোষ পৰিয়ালে।

author-image
Asomiya Pratidin
New Update
হেমচন্দ্ৰ

ডিজিটেল ডেস্ক : বামুণীমৈদামত থকা ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰৰ পৰা ১৮গৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা- ২০২৫ত অৱতীৰ্ণ হৈছে। ইয়াৰে ১০গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ভিতৰত ৩গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৭গৰাকী পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

উল্লেখযোগ্য যে, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত প্ৰতিষ্ঠিত এই বিদ্যালয়খনত বিনামূলীয়াকৈ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীক শিক্ষা প্ৰদান কৰা হয়। বিদ্যালয়খনৰ সমুদায় ব্যয় বহন কৰে হেমচন্দ্ৰ বৰুৱা ন্যাসৰ হৈ হেমকোষ পৰিয়ালে। এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাই।

হাইস্কুল শিক্ষান্ত পৰীক্ষা