গোলাঘাটত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জন্মবাৰ্ষিকী পালন

গোলাঘাটৰ কলেজ তিনিআলিত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই গোলাঘাট জিলা সাংবাদিক সংস্থাৰ জৰিয়তে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থাপন কৰি  জিলাবাসীক উপহাৰ আগবঢ়াইছিল। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ কলেজ তিনিআলিত অৱস্থিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, ধূপ জ্বলাই মঙলবাৰে পালন কৰা হয় বৰুৱাৰ ১৯০ সংখ্যক জন্মবাৰ্ষিকী। ভাষাৰ ওজাৰ ১৯০ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে গোলাঘাট জিলা সাংবাদিক সন্থাৰ হিচাপ পৰীক্ষক ৰবীন হাজৰিকা, কাৰ্যালয় সম্পাদক মৃদুল গোস্বামীয়ে বন্তি প্ৰজ্বলন আৰু ধূপ জ্বলাই শ্ৰদ্ধা নিবেদন কৰে।

Advertisment

1

এই কাৰ্যসূচীত গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈ, সাধাৰণ সম্পাদক গিৰীণ বৰা, সহকাৰী সম্পাদক দেৱাশীষ সাহা, সাংগঠনিক সম্পাদক অৰূপ পূজাৰী আদিয়ে অংশ লয়। উল্লেখযোগ্য যে গোলাঘাটৰ কলেজ তিনিআলিত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই গোলাঘাট জিলা সাংবাদিক সংস্থাৰ জৰিয়তে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থাপন কৰি  জিলাবাসীক উপহাৰ আগবঢ়াইছিল। 

1

আজি ১৯০ সংখ্যক জন্মবাৰ্ষিকীত গোলাঘাট জিলা সাংবাদিক সন্থাই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক সন্মান জনোৱাৰ লগতে সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ উল্লেখনীয় পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

ওজা হেমচন্দ্ৰ বৰুৱা