/asomiyapratidin/media/media_files/2024/12/10/PnIdRnroTzbpO5sPywCC.jpg)
ডিজিটেল ডেস্কঃ আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০সংখ্যক জন্মজয়ন্তী। ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাষাৰ ওজাগৰাকীক সোঁৱৰণ কৰি উদযাপন কৰা হৈছে তেওঁৰ ওপজা দিনটো। ওপজা দিন উপলক্ষে ৰাজ্যৰ ভিন্ন প্রান্তত একাধিক কাৰ্যসূচী ৰূপায়িত হৈছে।
উজনি অসমৰ ১০০খন শিক্ষানুষ্ঠানত পুৱা ৯বজাৰ পৰা একেলগে আৰম্ভ হৈছে ভাষাৰ ওজা গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদতো ভাষাৰ ওজাগৰাকীক স্মৰণ কৰা হয়। উল্লেখ কৰা প্ৰয়োজন যে, ভাষাৰ ওজাগৰাকীৰ জন্মদিনটো ইলোৰা বিজ্ঞান মঞ্চই কু-সংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে।
ইফালে আজিৰ দিনটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহত উন্মোচন কৰা হব। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি উন্মোচন কৰা হ'ব হেমচন্দ্ৰ বৰুৱাৰ ব্ৰঞ্জৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি। চিন্তাবিদ তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই উন্মোচন কৰিব এই প্ৰতিমূৰ্তি।
পুৱাৰ ভাগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাসহ তেওঁৰ পৰিয়ালবৰ্গ উপস্থিত হৈ ভাষাৰ ওজাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। ইফালে কটন বিশ্ববিদ্যালয়তো অসমীয়া বিভাগৰ উদ্যোগত ভাষা ওজাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ।