পদ এৰিলে চম্পাই ছোৰেণে: ঝাৰখণ্ডৰ বাঘজৰী ল'বলৈ সাজু হেমন্ত ছোৰেণ

পদ এৰিলে চম্পাই ছোৰেণে: ঝাৰখণ্ডৰ বাঘজৰী ল'বলৈ সাজু হেমন্ত ছোৰেণ

author-image
Asomiya Pratidin
New Update
পদ এৰিলে চম্পাই ছোৰেণে: ঝাৰখণ্ডৰ বাঘজৰী ল'বলৈ সাজু হেমন্ত ছোৰেণ

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে চম্পাই ছোৰেণে। ৰাজভৱনতৃ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিলে ঝাৰখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰীগৰাকীয়ে। হেমন্ত ছোৰেণ জেললৈ যোৱাৰ পিচতে মুখ্যমন্ত্ৰী হৈছিল চম্পাই ছোৰেণ ।

Advertisment

আনহাতে মুক্তি মৰ্চাৰ কাৰ্য্যবাহী সভাপতি হেমন্ত চোৰেণ পুনৰ ঝাৰখণ্ডৰ ক্ষমতাৰ বাঘজৰী ল'বলৈ সাজু হৈছে। বুধবাৰে অনুষ্ঠিত আই এন ডি আই মিত্রজোঁটৰ জে জে এম, কংগ্ৰেছ আৰু আৰ জে ডিৰ বিধায়কসকলৰ বৈঠকত হেমন্ত চোৰেণক ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

মুখ্যমন্ত্রী চম্পই চোৰেণৰ ৰাঁচীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। বিধি বলবৎকাৰী সঞ্চালকালয়ে ৩১ জানুৱাৰীত ক'লা ধন বৈধকৰণৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছত হেমন্ত চোৰেণে মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰিছিল।

Also Read: অসমত প্ৰলয়ংকৰী বান! বানৰ কবলত ২৮ খন জিলা, ৩৯জনৰ মৃত্যু...

hemanta soren jharkhand champai soren