Advertisment

চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হেমন্ত চোৰেনে...

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত ৫৬খন আসনেৰে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰি অহা ২৮ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ পদৰ শপত গ্ৰহণ কৰিব হেমন্ত ছ’ৰেনে। ছ’ৰেনে শপত লোৱাৰ পিছত চৰকাৰে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে আজি অৰ্থাৎ ২৮ নৱেম্বৰৰ সন্ধিয়া ৪:০০ বজাত ৰাঁচীৰ মোৰহাবাদী খেলপথাৰত চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰিব হেমন্ত চোৰেনে। ছ’ৰেনক শপত গ্ৰহণ কৰাব ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ গংগৱাৰে। এই শপত গ্ৰহণ অনুষ্ঠানত হেমন্ত চোৰেনে দল আৰু বিৰোধীৰ বহু জ্যেষ্ঠ নেতাক আমন্ত্ৰণ জনাইছে।

Advertisment

এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে জাৰি কৰা এটা আদেশ আলোচনাৰ বিষয় হৈয়েই আছে। ৰাঁচীৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ সন্দৰ্ভত জিলা শিক্ষা বিষয়াগৰাকীয়ে কয়,মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে জিলাখনত যথেষ্ট ভিৰ হ’ব, যাৰ বাবে জিলাখনৰ সকলো বিদ্যালয় বন্ধ থাকিব।

ইফালে ৰাঁচীৰ মোৰাবাদীত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বাহিৰৰ পৰা অহা লোকসকলে নিজৰ ব্যক্তিগত বাহন আৰু বাছেৰে শপত গ্ৰহণৰ ক্ষেত্ৰখনত উপস্থিত হ’ব।

যাৰ বাবে মহানগৰীত জাম সদৃশ পৰিস্থিতিৰ সম্ভাৱনা আছে, আদেশত আৰু কোৱা হৈছে যে, এনে পৰিস্থিতিত স্কুল চলি থকাৰ বাবে স্কুল বাছেৰে অহা ছাত্ৰ-ছাত্ৰী ঘণ্টাৰ পিছত ঘণ্টা ধৰি জামত আৱদ্ধ হৈ পৰিব পাৰে, তেওঁলোকৰ বাবে এই পৰিস্থিতি অসুবিধাজনক। ইয়াৰ সমান্তৰালকৈ আদেশত কোৱা হৈছে যে বহু অভিভাৱকে বিদ্যালয়খন বন্ধ কৰাৰ বাবে আবেদন জনাইছে। এই কাৰণেই আজি সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত ৫৬খন আসনেৰে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰি অহা ২৮ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ পদৰ শপত গ্ৰহণ কৰিব হেমন্ত চোৰেনে। ছ’ৰেনে শপত লোৱাৰ পিছত চৰকাৰে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, প্ৰিয়ংকা গান্ধী, অৰবিন্দ কেজৰিৱাল, ভগৱন্ত মান, সুখৱিন্দৰ সিং চুখু, অখিলেশ যাদৱ, উদ্ধৱ ঠাকৰে, মেহবুবা মুফতী, উদয় ষ্টালিন, তেজশ্বীলৈকে সকলোকে শপত গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে হেমন্ত চোৰেনে।

হেমন্ত চোৰেন