লোক সংগীতৰ সাধক হেম দত্ত আৰু নাই...

বিশিষ্ট লোক-সংস্কৃতিৰ সাধক , বনগীতৰ মুকুটবিহীন সম্ৰাট তথা শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ প্ৰতিষ্ঠাপক সভাপতি হেম দত্তৰ দেওবাৰে ডিব্ৰুগড়ত ৮১ বছৰ বয়সত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই তেওঁৰ বাসগৃহত  গুণমুগ্ধই ভিৰ কৰেহি

author-image
Asomiya Pratidin
New Update
লোকসংগীতৰ সাধক হেম দত্ত আৰু নাই

ডিজিটেল সংবাদ, শিৱসাগৰ : বিশিষ্ট লোক-সংস্কৃতিৰ সাধক , বনগীতৰ মুকুটবিহীন সম্ৰাট তথা শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ প্ৰতিষ্ঠাপক সভাপতি হেম দত্তৰ দেওবাৰে ডিব্ৰুগড়ত ৮১ বছৰ বয়সত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই তেওঁৰ বাসগৃহত  গুণমুগ্ধই ভিৰ কৰেহি। সাহিত্য-সংস্কৃতিৰ মাজেৰে সমাজসেৱা তথা সমাজৰ প্ৰতি দায়বদ্ধতাৰ এক সুন্দৰ নিদর্শন আগবঢ়াই থৈ গৈছে শিল্পীজনে।

Advertisment

১৯৪৪ চনৰ ১ জুলাইত শিৱসাগৰৰ জোলাগাঁৱত জন্মগ্ৰহণ কৰা শিল্পীজন একাধাৰে এগৰাকী গীতিকাৰ, সুৰকাৰ, বাদ্যবাদক, কণ্ঠশিল্পী, নাট্যকাৰ, অভিনেতা, পৰিচালক, লেখক আৰু সমাজ সংগঠক হিচাপে স্বকীয় পৰিচয় দাঙি ধৰিছিল। বিশেষকৈ অসমৰ সংগীত জগতৰ পৰা হেৰাই যোৱাৰ উপক্রম ঘটা তথা মাটি-মানুহৰ গোন্ধ থকা 'বনগীত'ৰ সংৰক্ষণ আৰু গৱেষণাৰে উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে।

শিৱসাগৰ জিলা সাহিত্য সভাৰ শোক

একান্ত কর্মনিষ্ঠা আৰু ঐকান্তিকতাৰে প্রকৃতিৰ আঁচলৰ কোহে কোহে গীতৰ সমল বিচাৰি তেখেতে অহোপুৰুষাৰ্থ কৰি থৈ গৈছে । বনকোঁৱৰ উপাধিৰে বিভূষিত হেম দত্ত ডিব্ৰুগড় দূৰদৰ্শন আৰু 'অনাতাঁৰ কেন্দ্ৰৰ বনগীতৰ এগৰাকী নিয়মীয়া কণ্ঠশিল্পী আছিল। 

তাৰোপৰি দূৰদৰ্শন কেন্দ্ৰৰ পৰা লাভ কৰিছিল বিশেষ স্বীকৃতি। বনগীতৰ বাণীবদ্ধ এটি সংকলন শ্ৰোতাৰ মাজলৈ উলিয়াই দিয়াৰ উপৰি বনগীত আৰু আধুনিক গীতৰ পুথি 'হিয়াৰ আপোন সুৰ' আছিল গীতি-সাহিত্যৰ ভঁৰাললৈ আগবঢ়োৱা অন্যতম অৱদান। বিহুগীত-বিহুনাচৰ প্ৰসাৰতো  অৰিহণা আগবঢ়াইছিল তেওঁ। তেল আৰু প্রাকৃতিক গেছ নিগমৰ চাকৰিৰ ব্যস্ততাৰ মাজতো অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰতি তেওঁ একাত্মতা অনুভৱ কৰিছিল।

একেদৰে তথ্যচিত্র, বনগীত, বিহুসুৰীয়া আৰু আধুনিক গীতৰ অডিঅ'-ভিচিডি, কেছেটৰ যোগেদি সংগীতানুৰাগী শ্রোতা-দৰ্শকৰ লগত যোগসূত্র স্থাপন কৰাৰ লগতে 'এইবাৰ ব'হাগত, চেনেহীৰে চেনাইটি, ৰঙিলী, হৃদয়-বীণাৰ ৰাগিনী, স্মৃতিৰ পাপৰি, অতৃপ্ত মানুহৰ সৰগ আৰু সুৰৰ পানচৈ আদি বিভিন্ন বিষয়ৰ গ্ৰন্থৰে অসমীয়া ভাষা-সাহিত্য ক্ষেত্ৰলৈ অৰিহণা আগবঢ়াইছে।  আনহাতে তেওঁ ভিডিঅ’ চিনেমা "সৰা ফুল বুটলি" আৰু টেলিফিল্ম "সংগ্ৰাম" নিৰ্মাণ কৰিছিল।

তেওঁৰ কৰ্মৰ স্বীকৃতি হিচাপে তেওঁক ইতিমধ্যে শিৱসাগৰ জিলা সাহিত্য সভাই জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান, সাংস্কৃতিক মহাসভা, অসমে 'জীৱনজোৰা সাধনা বঁটা'ৰে সন্মানিত কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে একমাত্ৰ পুত্ৰ-বোৱাৰী, তিনিগৰাকী কন্যা, নাতি-নাতিনীক এৰি থৈ যায়।

শোক প্ৰকাশ

তেওঁৰ মৃত্যুত শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভা, সদৌ অসম শিশুনাট সমাৰোহ উদযাপন সমিতি, শিৱসাগৰ জিলা সাহিত্য সভা, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, শিৱসাগৰ নাট্য বিদ্যালয়, উজনি অসম মুছলিম কল্যাণ পৰিষদ, বীৰ লাচিত সেনা, আটাছু, শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতি, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, সংগ্ৰামী সেনা অসম, শিৱসাগৰ জিলা কবি সন্মিলন, শিৱসাগৰ কবি চক্ৰ, শিৱসাগৰ নাগৰিক মঞ্চ, ৰংমন, বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে। ইফালে শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাই শিল্পীজনৰ বাসগৃহত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে গুণমুগ্ধসকলে হেম দত্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শিৱসাগৰ