ৰাজ্যৰ বাহিৰত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে হেল্পলাইন নম্বৰ মুকলি

বিভিন্ন ৰাজ্যত অধ্যয়নত অসমৰ শিক্ষাৰ্থীৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে জৰুৰীকালীন হেল্পলাইন নম্বৰ। ইয়াৰোপৰি শিক্ষাৰ্থী সকলে দিল্লীৰ অসম ভৱনৰ সৈতেও যোগাযোগ কৰিব পাৰিব বুলি জাননীত প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
sfd

ডিজিটেল ডেস্কঃ   দেশৰ শেহতীয়া পৰিস্থিতিক লৈ আজি এখন জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে। উক্ত জাননীত প্ৰকাশ কৰা অনুসৰি, দেশৰ বৰ্তমানৰ পৰিস্থিতিক লৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে ৰাজ্য চৰকাৰে।

Advertisment

বিভিন্ন ৰাজ্যত অধ্যয়নত অসমৰ শিক্ষাৰ্থীৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে জৰুৰীকালীন হেল্পলাইন নম্বৰ। ইয়াৰোপৰি শিক্ষাৰ্থী সকলে দিল্লীৰ অসম ভৱনৰ সৈতেও যোগাযোগ কৰিব পাৰিব বুলি জাননীত প্ৰকাশ কৰিছে।

ৰাজ্য চৰকাৰে মুকলি কৰা নম্বৰ কেইটা ক্ৰমে- ০১১-২৩০১০২৯৮, ২৬৮৭৭১১১। ইয়াৰোপৰি 
অসম ভৱনৰ যুটীয়া সচিব ৰণদ্বীপ কুমাৰৰ সৈতেও ৯৮৭৪৩৫৫৩০৫ এই নম্বৰত শিক্ষাৰ্থী সকলে যোগাযোগ কৰিব পাৰিব। 

শিক্ষাৰ্থী অসমীয়া হেল্পলাইন নম্বৰ