/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/65f88798-297f-49dc-a035-39b63a94cd79/MAJULI_12.jpg)
MAJULI
ডিজিটেল সংবাদ মাজুলীঃ পেইন নৰ'মো মমকিয়া অৰুণাচল প্ৰদেশৰ টাৱাঙৰ এখন ভিতৰুৱা গাঁৱৰ যুৱক। পেছাত এগৰাকী ইনটেৰিয়ৰ ডিজাইনাৰ। দেশে বিদেশে ঘূৰি ফুৰে।
মাজুলীলৈ আহি বুকিং ডট কমৰ যোগেদি পূৰ্বে বুক কৰি থোৱা মাজুলীৰ সোৱনশিৰি ল'জত বাহৰ পাতিছিল। মাজুলীৰ প্ৰকৃতি আৰু সত্ৰ সংস্কৃতিৰ ঐতিহ্য দৰ্শন কৰি ঘূৰি ফুৰোতেই হেৰাল তেওঁৰ এ টি এম কাৰ্ডখনৰ লগতে অন্যান্য নথি-পত্ৰ। এ টি এম আৰু অন্যান্য নথি-পত্ৰ হেৰুৱাই মাজুলীত পানীত হাঁহ নচৰা অৱস্থা হ'ল পেইন নৰ'মো মমকিয়া নামৰ এই যুৱকজনৰ।
টকাৰ অভাৱত অসহায় পৰ্যটকগৰাকীয়ে অৱশেষত মাজুলীৰ উপায়ুক্ত ,অতিৰিক্ত উপায়ুক্ত, পৰ্যটন বিভাগ,আৰক্ষী অধিক্ষক সকলোকে সাক্ষাৎ কৰিলে। দাখিল কৰিলে এজাহাৰ। কিন্তু তেওঁ নাপালে উপযুক্ত সহাৰি। আনকি মাজুলীৰ পৰ্যটন বিভাগেও তেওঁক নকৰিলে সহায়।
এফালে টকাৰ অভাৱ আনফালে পৰিয়ালৰ লগত যোগাযোগ কৰাত ব্যৰ্থ। বিপদত পৰি হাহাকাৰ কৰিবলৈ ধৰিলে যুৱকজনে। এনে সময়তে সোৱনশিৰি লজৰ স্বত্বাধিকাৰী মৃদুপৱন ভূঞাই সকলো কথা গম পাই সহায়ৰ বাবে আগবাঢ়ি আহিল।
৪ টাকৈ দিন নিজৰ ল'জত ৰাখি খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে ১০ হাজাৰ টকা দি গুৱাহাটীৰ পৰা টাংৱাঙলৈ হেলিকপ্টাৰ যোগে যাবলৈ সহায় কৰে। মৃদুপৱন বৰুৱাৰ এনে মহানুভৱতা আৰু উদাৰতাক উচ্ছ প্ৰসংশা কৰে পৰ্যটক গৰাকীয়ে।
লগতে মাজুলীতে কেৱল এনে ধৰনৰ সহায় কৰা ব্যক্তি আছে বুলি শলাগ লয়। চাৰিটাকৈ দিন ল'জত ৰাখি আকৌ যোৱাৰ সময়ত দি পঠিয়ালে ১০ হাজাৰকৈ টকা। কোৰোনাই বিধ্বস্ত কৰা মাজুলীৰ পৰ্যটন উদ্যোগৰ লগতে ল'জসমূহে এনে মহঙা দিনটো পৰ্যটকৰ প্ৰতি দেখুওৱা মহানুভৱতাই মাজুলীৰ অতিথিপৰায়ণতাক পুনৰবাৰ প্ৰমাণ কৰিলে।