কেনে আছে অসম গৌৰৱ, চাৰিদুৱাৰৰ বাৰ্বিতা মমিন?

বাৰ্বিতা মমিনৰ স্বামী লাইনাৰ মাৰাক আক্ৰান্ত হৈছিল  প্ৰেছাৰ ষ্ট্ৰোকত৷ চিকিৎসাৰ অন্তত বাৰ্বিতা মমিনৰ স্বামী কিছু সুস্থ হৈ উঠিল যদিও এতিয়াও অব্যাহত আছে তেওঁৰ চিকিৎসা৷ এক ভিতৰুৱা অঞ্চলৰ বাসিন্দা এইগৰাকী আশাকৰ্মীৰ অসুস্থ স্বামীৰ লগতে আছে সন্তানৰ দায়িত্ব৷

author-image
Asomiya Pratidin
New Update
বাৰ্বিতা মমিনৰ দুৰ্দশা

বাৰ্বিতা মমিনৰ দুৰ্দশা

ডিজিটেল সংবাদ, জামুগুৰিহাট: অসম গৌৰৱ হিচাপে ৰাজ্যচৰকাৰে সন্মানিত কৰা শোণিতপুৰৰ বাৰ্বিতা মমিনৰ এতিয়া দুৰ্দশাময় অৱস্থা৷ অতি কঠিন সময়ৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে বাৰ্বিতাই৷  ক'ভিদ কালত দুৰ্গম আৰু ভিতৰুৱা অঞ্চলত তেওঁ এগৰাকী আশাকৰ্মী হিচাবে ভেকচিন প্ৰদানৰ ক্ষেত্ৰত দায়িত্ব নিয়াৰিকৈ পালন কৰিছিল। সেইবাবে বাৰ্বিতা মমিনক চৰকাৰে ২০২ ত সন্মানিত কৰিছিল অসম গৌৰৱ হিচাপে৷ কিন্তু সেইবছৰেই আশাকৰ্মী বাৰ্বিতা মমিনৰ স্বামী লাইনাৰ মাৰাক আক্ৰান্ত হৈছিল  প্ৰেছাৰ ষ্ট্ৰোকত৷ ব্যয়বহুল চিকিৎসাৰ অন্তত বাৰ্বিতা মমিনৰ স্বামী কিছু সুস্থ হৈ উঠিল যদিও এতিয়াও অব্যাহত আছে তেওঁৰ চিকিৎসা৷ চাৰিদুৱাৰৰ এক ভিতৰুৱা অঞ্চলৰ বাসিন্দা এইগৰাকী আশাকৰ্মীৰ অসুস্থ স্বামীৰ লগতে আছে সন্তানৰ দায়িত্ব৷ আশাকৰ্মী হিচাপে লাভ কৰা সামান্য মাননিৰে স্বামীৰ চিকিৎসা ব্যয় সম্ভৱ নহয়৷ ঘৰৰ হাঁহ কুকুৰা আৰু আধিৰ গাহৰি বিক্ৰী কৰি কোনোমতে তেওঁ কৰি গৈছে স্বামীৰ চিকিৎসা৷ অশেষ কষ্টৰ মাজেৰে তেওঁ চেষ্টা কৰিছে স্বামীক সুস্থ কৰি তোলাৰ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী এইগৰাকী অসম গৌৰৱ বাৰ্বিতা মমিনেই৷ কিন্তু অসম গৌৰৱ বঁটা দিয়াৰ পাছত এইগৰাকী আশাকৰ্মীৰ খৱৰ ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই চৰকাৰে৷ জীৱনৰ এই কঠিন সময়চোৱাতো অশেষ কষ্ট কৰি যোৱা অসম গৌৰৱ বাৰ্বিতা মমিনক অসুস্থ স্বামীৰ চিকিৎসাৰ বাবেই প্ৰয়োজন হৈছে চৰকাৰৰ সহায়৷ সেই কথা তেওঁ ব্যক্ত কৰিলে সংবাদমাধ্যমৰ আগত৷ চৰকাৰী দায়িত্ব আৰু সৰ্বসাধাৰণৰ স্বাৰ্থত যথেষ্ট প্ৰতিকুলতাৰ মাজতো অতি নিষ্ঠাৰে কৰ্তব্য পালন কৰা এইগৰাকী অসম গৌৰৱক বিপদৰ সময়ত চৰকাৰে কিছু সহায় কৰি সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবনে ?

assam govt ASSAM GOVERNMENT assam gaurav assam governmet