/asomiyapratidin/media/media_files/2024/12/14/Vaal4KA9jcCevsRKZiif.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাঁৱৰ শান্তি ব্ৰহ্ম নামৰ মহিলাগৰাকী এক জটিল ৰোগত আক্ৰান্ত হৈ ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে । মহিলাগৰাকীক প্ৰথমে হাওৰাঘাটত আৰু পিছলৈ ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পৰিয়ালটো অতি দৰিদ্ৰ হোৱা হেতুকে উন্নত চিকিৎসাৰ বাবে অন্য ঠাইলৈ স্থানান্তৰ কৰিব পৰা হোৱা নাই ।
লিভাৰ আৰু কিডনীৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ ক্ষেত্ৰত ব্যয়বহুল খৰচৰ বাবে পৰিয়ালৰ লোকে সদাশয় হৃদয়বান লোকৰ সাহাৰ্য পাবৰ বাবে আবেদন জনাইছে । কোনো লোকে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰিলে তেওঁৰ পুত্ৰ প্ৰাঞ্জল ব্ৰহ্মই ব্যৱহাৰ কৰা 8638248679 নম্বৰত কৰি আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰিব ।
উল্লেখযোগ্য যে জটিল ৰোগত আক্ৰান্ত শান্তি ব্ৰহ্মক বৰ্তমানলৈকে জিন্টু বসুমতাৰীয়ে তেজ দিয়াৰ উপৰিও আক্ৰান্ত মহিলাগৰাকীৰ ভাতৃ আৰু আন এগৰাকী অৰ্থাৎ তিনিজনে ৰক্ত দান কৰি সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে ।