ডিজিটেল ডেস্কঃ গুৱাহাটীৰ কাহিলীপাৰাৰ ওদালবাক্ৰাৰ নিবাসী তথা সমাজকৰ্মী বিপু প্ৰসাদ দাস গুৰুতৰভাৱে অসুস্থ। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত বিপু প্ৰসাদ দাসক সুস্থ কৰি তুলিবলৈ পৰিয়ালৰ লোকে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।
ইতিমধ্যে তেওঁৰ চিকিৎসাৰ বিনিময়ত যথেষ্ট ধনো ব্যয় হৈছে। কিন্তু এতিয়া তেওঁৰ অধিক উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা বুজন পৰিমাণৰ ধন যোগাৰ কৰিবলৈ অপাৰগ হৈ পৰিছে পৰিয়াল।
এনে পৰিস্থিতিত এতিয়া পৰিয়ালটোৱে সমাজকৰ্মী বিপু প্ৰসাদ দাসৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায়, সহযোগিতা আশা কৰিছে। পৰিয়ালৰ লোকে অৱগত কৰা অনুসৰি বৰ্তমান গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছে।
তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন গোটাব নোৱাৰি হতাশো হৈ পৰিছে পৰিয়ালৰ লোকসকল। সেয়ে বিপু প্ৰসাদ দাসক সুস্থ কৰি তোলাৰ স্বাৰ্থত পৰিয়ালৰ লোকে ৰাইজৰ সহাৰি বিচাৰিছে।
এই ক্ষেত্ৰত কোনো সুহৃদে আৰ্থিকভাৱে সহায় কৰিবলৈ বিচাৰিলে তলৰ বেংক একাউণ্ট আৰু গুগল পে'ৰ জৰিয়তে সহায় কৰিব পাৰিব। বেংক একাউণ্ট নং- 20189842986, আই এফ চি কোড - SBIN0004420 আৰু গুগল পে' নং - 9707038718 ।