ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৬ সেনা বিষয়া-জোৱানৰ...

আগষ্ট মাহতো সংঘটিত হৈছিল অনুৰূপ ঘটনা...

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৬ সেনা বিষয়া-জোৱানৰ...

HELICOPTER CRASH

ডিজিটেল ডেস্কঃ এক ভয়কংৰ হেলিকপ্টাৰ দুৰ্ঘটনাই ৬ জনকৈ সেনা-বিষয়াৰ প্ৰাণ কাঢ়ি লোৱা ঘটনাই জোকাৰি গৈছে পাকিস্তান। পাকিস্তানৰ বেলুচিস্তানত সোমবাৰে সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত এই সেনা-বিষয়াসকলে প্ৰাণ ত্যাগ কৰিছে।

Advertisment

সোমবাৰে বেলিস্তানত সংঘটিত হোৱা এই দুৰ্ঘটনাত নিহত হোৱা ৬ জন লোকৰ ভিতৰত ২ জন আছিল পাকিস্তানী সেনাৰ বিষয়া আৰু ৪ জন সেনা জোৱান। এই সন্দৰ্ভত পাকিস্তানী সেনাৰ জনসম্পৰ্ক ৰক্ষা বিভাগৰ পৰা এক বিবৃতি প্ৰকাশ কৰিছে।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি এই দুৰ্ঘটনা বেলুচিস্তানৰ খোষ্টত সংঘটিত হৈছে। অৱশ্যে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। উল্লেখ্য যে, বিগত আগষ্ট মাহতো এই বেলুচিস্তানত সংঘটিত হৈছিল আন এক হেলিকপ্টাৰ দুৰ্ঘটনা। যি দুৰ্ঘটনাত ৬ গৰাকী সেনাই প্ৰাণ ত্যাগ কৰিছিল।

HELICOPTER CRASH pakistan pakistan army