অৰুণাচলৰ আপাৰ চিয়াং জিলাত সেনাৰ বিমান দুৰ্ঘটনাত পতিতঃ পাইলটকে ধৰি যাত্ৰীৰ নাই সন্ধান...

author-image
Asomiya Pratidin
New Update
আৰুণাচলৰ আপাৰ চিয়াং জিলাত সেনাৰ বিমান দুৰ্ঘটনাত পতিতঃ পাইলটকে ধৰি যাত্ৰীৰ নাই সন্ধান...

arunachal

ডিজিটেল ডেস্কঃ পুনৰ এক বিমান দুৰ্ঘটনা সংঘটিত হ'ল অৰুণাচল প্ৰদেশত। চলিত মাহত অৰুণাচলত সংঘটিত হোৱা এয়া দ্বিতীয়টো বিমান দুৰ্ঘটনাৰ ঘটনা।

Advertisment

আজি পুৱা প্ৰায় ১০-৪০ বজাত অৰুণাচলৰ আপাৰ চিয়াং জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। ভাৰত-চীন সীমান্তৰ প্ৰায় কাষৰ অতি দুৰ্গম অঞ্চলত সংঘটিত হোৱাৰ বাবেই এই দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিব পৰা হোৱা নাই।

ইফালে দুৰ্ঘটনাত পতিত হোৱা এই বিমানখনত মুঠ কিমানজন লোক আছে সেয়াও এই পৰ্যন্ত জানিব পৰা হোৱা নাই। সন্ধান পোৱা নাই বিমানখনৰ পাইলটগৰাকীৰো।

এই দুৰ্ঘটনা কিয় আৰু কেনেকৈ সংঘটিত হ'ল সেই বিষয়েও জানিব পৰা হোৱা নাই। সেনা আৰু উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে যোৱা ৬ অক্টোবৰতো অৰুণাচলত সংঘটিত হৈছিল আন এক হেলিকপ্টাৰ দুৰ্ঘটনা।

ভাৰত-চীন সীমান্তত সংঘটিত হোৱা সেই দুৰ্ঘটনাত এজন পাইলট নিহত হৈছিল। গুৰুতৰ ভাৱে আহত হৈছিল সহযোগী আন এজন পাইলট। ইফালে ২০১০ চনৰ পৰা বৰ্তমান পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ৬ খনকৈ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে।

য'ত ৪০ জনকৈ লোকে প্ৰাণ আহুতি দিছে। আজি সংঘটিত হোৱা এই বিমান দুৰ্ঘটনাই বিগত ১২ বছৰত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ সংখ্যা ৭ খনলৈ বৃদ্ধি কৰিলে। ইয়াৰ উপৰিও মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে।

এই অঞ্চলত বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডু।

arunachal pradesh