হেলেমৰ গৰুধোৱাৰ পৰা জব্দ ১৫০ চিএফটি চোৰাং কাঠ...

পূৱ শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত বৰগাং ৰেঞ্জৰ বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাই চোৰাং কাঠ বেপাৰী আৰু চালান বিহীন ট্ৰেক্টৰ-ডাম্পাৰৰ বিৰুদ্ধে অব্যাহত ৰখা কঠোৰ অভিযানৰ

author-image
Asomiya Pratidin
New Update
hjjjf

ডিজিটেল সংবাদ, ছয়দুৱাৰ: পূৱ শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত বৰগাং ৰেঞ্জৰ বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাই চোৰাং কাঠ বেপাৰী আৰু চালান বিহীন ট্ৰেক্টৰ-ডাম্পাৰৰ বিৰুদ্ধে অব্যাহত ৰখা কঠোৰ অভিযানৰ মাজতে বিহালী বনাঞ্চলত উদ্ধাৰ হৈছে এটা হস্তনিৰ্মিত বন্দুকৰ লগতে গৰুধোৱাৰ পৰা জব্দ হৈছে প্ৰায় ১৫০ চিএফটি মূল্যবান চোৰাং কাঠ।

Advertisment

জানিব পৰামতে-কালি  নিশা বিহালী বনাঞ্চলৰ  ভিতৰত হাতীডিপো বন শিবিৰৰ বনকৰ্মীসকলে পহৰা দি থকা অৱস্থাত দুজন দুষ্কৃতিকাৰীৰ সন্মুখীন হয়।বনকৰ্মীসকলে সন্দেহজনক দুস্কৃতিকাৰী দুজনক ৰ'বলৈ নিৰ্দেশ দিয়াত তেওঁলোকে বনকৰ্মীসকলৰ নিৰ্দেশ অমান্য কৰি বন কৰ্মীসকললৈ গুলীচালনা কৰে।

ইয়াৰ প্ৰত্যুত্তৰত বনকৰ্মীসকলেও দুইৰাউণ্ড গুলীচালনা কৰি দুস্কৃতিকাৰী দুজনক খেদি যায়।কিন্তু দুস্কৃতিকাৰী দুজনে ঘন জংঘলৰ সুযোগ লৈ সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয়।পিছত কৰ্তব্যৰত বনকৰ্মীৰ দলটোৱে ঘটনাস্থলীৰ পৰা এটা হস্তনিৰ্মিত বন্দুক আৰু এটা টৰ্চলাইট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে-বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাৰ নিৰ্দেশত বৰগাং ৰেঞ্জৰ অধীনস্থ  বনকৰ্মীসকলে অবিৰতভাৱে বিহালী বন্যপ্ৰাণী অভয়াৰণ্যৰ নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি ৰাখিছে।

ইপিনে বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱা আৰু চিংলীজান খণ্ড বন বিষয়া ধনজিৎ চুতীয়াৰ নেতৃত্বত কালি নিশা চলোৱা এক অভিযানত হেলেমৰ উত্তৰাঞ্চলৰ অসম অৰুণাচল সীমান্তবৰ্তী গৰুধোৱাৰ পৰা প্ৰায় ১৫০ চিএফটি চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।অৰুণাচলৰ বনাঞ্চলৰ পৰা কাঠখিনি সৰবৰাহ কৰি চোৰাং বজাৰত বিক্ৰীৰ বাবে মজুত কৰি ৰাখিছিল বুলি নিশ্চিত কৰিছে অভিযানকাৰী দলটোৱে।জব্দ কৰা চোৰাং কাঠ(বাটাম) সমূহৰ বিৰুদ্ধে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে।

বিহালী