/asomiyapratidin/media/media_files/2025/07/30/helem-30-2025-07-30-17-22-48.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: বিভিন্ন প্ৰলোভনেৰে এগৰাকী কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা উত্তম দাস (৪৫) নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে হেলেম আৰক্ষীয়ে। অভিযোগ অনুসৰি হেলেমৰ বাঁহবৰীয়া গাঁৱৰ উত্তম দাস নামৰ ব্যক্তিগৰাকীয়ে এগৰাকী কিশোৰৰ সৈতে বিভিন্ন প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।
তাৰ পৰিণিতত তিনি মাহৰ অন্তঃসত্ত্বা কিশোৰীগৰাকী। হুকাজান অঞ্চলৰ এই ভুক্তভোগী কিশোৰীগৰাকীৰ এই অৱস্থাৰ কথা জানিবলৈ পোৱাৰ পিছতে তেওঁৰ পৰিয়ালে ন্যায় বিচাৰি হেলেম আৰক্ষীৰ কাষ চাপে।
এই কথা জানিব পাৰি উত্তম দাস নামৰ অভিযুক্তজনে প্ৰথমে আত্মগোপণ কৰে যদিও পিছত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ চিতলাৰ নেতৃত্বত চলা অভিযানত উত্তম দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তাৰ পিছতে উত্তম দাসৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি আজি কাৰাগাৰলৈ নিক্ষেপ কৰে। স্থানীয় ৰাইজে উত্তম দাসক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।