Advertisment

কৰৈয়নীত কলংপৰীয়া বাৰগঞা সমাজৰ দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱৰ আয়োজন

ভাওনা মহোৎসৱত ১১ খন গাঁৱৰ ৰাইজে অংকীয়া প্রদর্শনৰ অনুষ্ঠানটি সফল কৰিবৰ বাবে দৈনিক প্ৰতি গাঁৱৰ নামঘৰসমূহৰ লগতে বাৰগঞা মন্দিৰৰ প্ৰাংগণত অংকীয়া ভাওনাৰ আখৰা পূৰ্ণগতিত চলাইছে।

author-image
Asomiya Pratidin
New Update
পু

ডিজিটেল সংবাদ, উৰিয়া গাঁও:  নগাঁও চহৰৰ পৰা সাত কিলোমিটাৰ পূৱে কলং নদীৰ  উত্তৰ পাৰত ৰাইজ গোপিনীৰ একত্ৰিত প্ৰচেষ্টাত ১৯৬৬ চনত গঠন হৈছিল ধৰ্মীয় অনুষ্ঠান  কলংপৰীয়া বাৰগঞা সমাজ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ  বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ,প্ৰসাৰ ,কলা কৃষ্টিৰ চৰ্চা আৰু সংৰক্ষণৰ  লগতে নৱৰসেৰে সমৃদ্ধ অংকীয়া ভাওনা প্ৰদৰ্শনৰ মূল উদ্দেশ্য আগত ৰাখি নগাঁও জিলাৰ উৰিয়া গাঁৱৰ সমীপৰ বৃহত্তৰ কৰৈয়নী অঞ্চলৰ মধ্যস্থল বুৰঞ্জী প্ৰসিদ্ধ বৰডোঙা পথাৰত পদ্মাকৃতিৰ নৱদ্বাৰযুক্ত এটি মন্দিৰ নিৰ্মাণ কৰা হৈছিল।

Advertisment

মন্দিৰটোৰ প্ৰতিষ্ঠা কালৰ পৰাই প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে পবিত্ৰ হেজাৰী ভাওনা মহোৎসৱ উদযাপন কৰি অহা হৈছে।উল্লেখযোগ্য যে, ২০০৭ চনত বৰপেটা সত্ৰৰ পৰা অক্ষয় বন্তিৰ শিখা আৰোহন কৰি মন্দিৰত স্থাপন কৰা হৈছিল আৰু এই বন্তি দৈনিক প্ৰজ্বলিত হৈ থাকি মন্দিৰ ভাগত এক ভক্তিৰ পৰিবেশ বিৰাজ কৰি আহিছে।

ু

এইবেলি হেজাৰী ভাওনা মহোৎসৱটিৱে হীৰক জয়ন্তী বর্ষত ভৰি দিছে।দৌল উৎসৱৰ লগত সংগতি ৰাখি অহা ১২,১৩ ,১৪ ,১৫ আৰু১৬ মাৰ্চত বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰৈয়নীস্থিত অক্ষয় বন্তি প্ৰজ্বলিত সাৰ্বজনীন হেজাৰী ভাওনা মন্দিৰত দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱটি  উদযাপনৰ ব্যাপক প্ৰস্তুতি পূৰ্ণ গতিত চলাইছে উদযাপন সমিতিয়ে।ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰটোৰ পুনৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্দিৰভাগলৈ চৰকাৰী অনুদান আগবঢ়াইছে।

বৰ্তমান মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিছে। আটক ধুনীয়াকৈ নিৰ্মাণ কৰা আটাইকেইখন ৰভাৰ পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় শেষ হৈছে আৰু অঞ্চলটোত এক ভক্তিমাৰ্গৰ পৰিবেশে বিৰাজ কৰিছে।আজি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰী শ্ৰী  ডোখোৰামুখ সত্ৰৰ বৰ্ষীয়ান সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামীৰ লগত সাংবাদিকৰ হোৱা কথা বতৰাত তেওঁ কয় যে কলংপৰীয়া বাৰগঞা সমাজে হেজাৰী ভাওনাৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজত যাতে অক্ষুন্ন ৰাখিব পাৰে তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বৰ্তমান মোবাইল,ইন্টাৰনেটৰ যুগক নতুন প্ৰজন্মই আদৰি লোৱাৰ সময়ত ভাওনা সংস্কৃতি তাৰ মাজতে যাতে জীয়াই থাকিব পাৰে তাৰেই প্ৰয়াস কৰিছে কলংপৰীয়া বাৰগঞা সমাজে।উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ অনুষ্ঠানস্থানভাগত বৰ্তমান আগবঢ়োৱা  সহযোগিতাৰ কথা উল্লেখ কৰি সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা পঞ্চাশ লাখ টকাৰ পুঁজিৰে  বিধায়ক ৰূপক শৰ্মাই মন্দিৰটোৰ পুনৰ নিৰ্মাণৰ বাবে যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে ।

জ

তেওঁ সকলো সময়তে মন্দিৰৰ নিৰ্মাণৰ কাম তদাৰক কৰি আছে। ভাওনা মহোৎসৱৰ আগতেই মন্দিৰটোৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ উল্লেখ কৰে।তদুপৰি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বিশেষ প্ৰচেষ্টাত বিধায়ক পুঁজিৰ জৰিয়তে মন্দিৰৰ প্ৰৱেশদ্বাৰৰ মূল তোৰণ খনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে।উল্লেখ্য  যে,হেজাৰী ভাওনা মহোৎসৱত কৰৈয়নী মাজৰআটি,বামুণ গাঁও,চলাপাৰ,গধৰীয়া কৰৈয়নী,পলাশনী,গধৰীয়া গাঁও,মৰঙীয়াল গাঁও,চুতীয়া গাঁও,তেলীয়া পহুকটা-বৰুৱা চুবুৰী,নাম কৰৈয়নী,হেঙুলীচুক গাঁৱৰ ৰভাৰ ৰাইজে অংকীয়া  ভাওনা প্ৰদৰ্শন কৰিব।

ইতিমধ্যে ভাওনা মহোৎসৱত ১১ খন গাঁৱৰ ৰাইজে অংকীয়া প্রদর্শনৰ অনুষ্ঠানটি সফল কৰিবৰ বাবে দৈনিক প্ৰতি গাঁৱৰ নামঘৰসমূহৰ লগতে বাৰগঞা মন্দিৰৰ প্ৰাংগণত অংকীয়া ভাওনাৰ আখৰা পূৰ্ণগতিত চলাইছে। আনহাতে বাৰগঞা সমাজৰ সভাপতি নবীন চন্দ্ৰ গোস্বামী,ভাওনা মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মা,কাৰ্যকৰী সভাপতি ভুৱন শৰ্মা,ক্ষীৰ শৰ্মা,সম্পাদক দিলীপ বৰা, সোনাৰাম বৰা,শম্ভূ শইকীয়াকে ধৰি আন বিষয়ববীয়া,মহিলা সমিতি,উপ সমিতিৰ বিষয়ববীয়াসকলে সঘনে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ ভাওনা মহোৎসৱটি  সফল কৰিবৰ বাবে উঠিপৰি লগা পৰিলক্ষিত হৈছে।

গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে কলংপৰীয়া বাৰগঞা সমাজ আৰু বাৰগঞা মহিলা সমিতিৰ যৌথ ব্যৱস্থাপনাত কৰৈয়নী বৰডোঙা পথাৰৰ অক্ষয় বন্তি প্ৰজ্বলিত সাৰ্বজনীন হেজাৰী ভাওনা মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে  আয়োজন কৰা হেজাৰী ভাওনা  মহোৎসৱৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা মন্দিৰৰ চৌহদত চাফাই অভিযান,গছপুলি ৰোপণ কাৰ্যসূচী,১ নং ৰভাত নাম প্ৰসংগ,দুপৰীয়া ভোগ বিতৰণ, বিয়লি ভাওনা মহোৎসৱৰ মূল সমিতি,উপ সমিতি আৰু স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাৰ সৈতে যুটীয়া বৈঠক অনুষ্ঠিত হব।

ু

১৩ মাৰ্চত পুৱা ঊষাকীৰ্তন কীৰ্তনৰ পিছতেই বন্তি প্ৰজ্বলন আৰু ভাওনা মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন কৰিব ক্ৰমে কলংপৰীয়া বাৰগঞা সমাজৰ সভাপতি নবীন চন্দ্ৰ গোস্বামী আৰু উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। লগতে হীৰক জয়ন্তী  বর্ষৰ লগত সংগতি ৰাখি অঞ্চলটোৰ স্থানীয় আৰু আমন্ত্ৰিত ব্যক্তি সকলৰ দ্বাৰা ৬০ খন পতাকা উত্তোলন কৰা হব। ৮:৩০ বজাত স্মৃতিচাৰণ অনুষ্ঠানত স্মৃতিচাৰক হিচাপে অংশগ্ৰহণ কৰিব প্ৰাক্তন মন্ত্ৰী তথা বাৰগঞা সমাজৰ মুখ্য উপদেষ্টা গিৰীন্দ্ৰ কুমাৰ বৰুৱাই।

ইয়াৰ পিছতেই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে নৱনিৰ্মিত বাটচ'ৰা উন্মোচন কৰাৰ লগতে ৪ খন শৰাই উন্মোচন কৰিব চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা,ৰহা সমষ্টিৰ শশীকান্ত দাস,অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰাই।তদুপৰি ২ নং গেটৰ উপদ্বাৰ উন্মোচন কৰিব নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে।

১০:৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব মন্ত্ৰী বিমল বৰাই।বিয়লি গ্ৰন্থমেলা উন্মোচন কৰিব জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই।ইয়াৰ পিছতে পৰ্যালোচনা আৰু সম্বৰ্ধনা অনুষ্ঠান,সন্ধ্যা কৰ্ণাধাৰ সমিতি আৰু ভাওনা মহোৎসৱৰ উপ সমিতিৰ সভাপতি-সম্পাদকৰ যুটীয়া বৈঠক,সন্ধ্যা হীৰক জয়ন্তী উপলক্ষে ৬০ গছি বন্তি প্ৰজ্বলন,প্ৰতি ৰভাত গন্ধ বাদন আৰু নিশা কৰ্ণাধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হব।

পক

১৪ মাৰ্চত পুৱা ঊষাকীৰ্তন,প্ৰতি ৰভাত খোল প্ৰসংগ,দৌল মহাপ্ৰভুৰ আদৰণি,নাটক আৰু আচাৰ্য  সকলক আদৰণি,প্ৰতি ৰভাত শৰাই সঁফুৰাৰ আয়োজন আৰু দৌল মন্দিৰত দৌল পূজা আৰম্ভ,প্ৰতি ৰভাত নাম কীৰ্তন আৰু বিয়লি ধৰ্মালোচনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হব।কলংপৰীয়া বাৰগঞা সমাজৰ সভাপতি নবীন চন্দ্ৰ গোস্বামীৰ  সভাপতিত্বত অনুষ্ঠিত হবলগীয়া সভাখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নে।

সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট শিক্ষাবিদ,শাস্ত্ৰজ্ঞ ৰোহিনী বল্লভ গোস্বামী,বিশিষ্ট অতিথি হিচাপে সত্ৰীয়া সংস্কৃতিৰ সাধক পদ্মশ্ৰী,পদ্মভূষণ যতীন গোস্বামী,আমন্ত্ৰিত অতিথি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষক পুষ্প বৰুৱা উপস্থিত থকাৰ উপৰিও উক্ত সভাত স্মৃতিগ্ৰন্থ "কৰাপাট" উন্মোচন কৰিব অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই।

সন্ধ্যা প্ৰতি ৰভাত বন্তি প্ৰজ্বলন,নাটকৰ পূৰ্বৰংগ  আৰু নিশা প্ৰতি ৰভাত প্ৰদৰ্শিত 
হবলগীয়া অংকীয়া ভাওনা অনুষ্ঠানৰ উদ্বোধন কৰিব অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ মণি মাধৱ মহন্তই। ১৫ মাৰ্চত পুৱা মাঙ্গলিক গীতৰ পিছতেই শিশু অনুষ্ঠান "জ্যোতিষ্কৰ" ব্যৱস্থাপনাত পুৱা শিশু সন্মিলন(শংকৰী কলা-কৃষ্টি প্ৰদৰ্শন) উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত অধ্যাপক  মোহিনীমোহন ডেকাই।

দুপৰীয়া শিশু আলোচনী "জ্যোতিষ্ক" উন্মোচন কৰিব অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই।উক্ত অনুষ্ঠানটেই খগেন বৰাৰ "কবিতাটো নহল লিখা" নামৰ এখন কবিতা পুথি উন্মোচন কৰা হব। মন্ত্ৰী কেশৱ মহন্ত আৰু বিশিষ্ট যুৱ লেখক কৌশিক নন্দন বৰুৱাই অংশগ্ৰহণ কৰিবলগীয়া সভাখনত  বিশিষ্ট সমাজ সংগঠক তথা ওজা শিল্পী ভাবুৰাম কেওটক "জ্যোতিষ্ক" সন্মান প্ৰদান কৰা হব।

ইয়াৰ পিছতে বিয়লি সম্বৰ্ধনা অনুষ্ঠান আৰু অন্তৰংগ আলাপ, সন্ধ্যা বন্তি প্ৰজ্বলন আৰু নিশা মঞ্চত শিশু সকলৰ দ্বাৰা নাট  প্ৰদৰ্শন কৰা হব।উক্ত শিশু নাট্যানুষ্ঠানটোৰ উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ দীপক বৰাই।নিশা অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান।

অন্তিম দিনা পুৱা উৰ্ষা কীৰ্তন,প্ৰতি ৰভাত খোল প্ৰসঙ্গ,নামকীৰ্তন আৰু দিনৰ ২ বজাত প্ৰতি ৰভাত শিশু শিল্পী  সকলৰ দ্বাৰা অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হব।উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই।সন্ধ্যা বন্তি প্ৰজ্বলন,নাটকৰ পূৰ্বৰংগ আৰু নিশা প্ৰতি ৰভাত  গুৰুজনাৰ অপূৰ্ব সৃষ্টি "কেলিগোপাল নাট মঞ্চস্থ কৰা হব।

উক্ত অনুষ্ঠানৰ উদ্বোধন কৰিব বিধায়ক প্ৰদীপ হাজৰিকাই।উল্লেখযোগ্য যে,এইবাৰো হেজাৰী ভাওনা মহোৎসৱত ১১ খন ৰভাত মুঠ ৩৩ খন অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হব।ভাওনা মহোৎসৱটি সফল ভাৱে সম্পন্ন কৰিবৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

জিলাখনৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজক আদৰিবৰ বাবে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ বিশেষ প্ৰচেষ্টাত মন্দিৰভাগৰ মূল পথ  উৰিয়া গাঁৱত এখন তোৰণ নিৰ্মাণ কৰা হৈছে।উক্ত ভাওনা মহোৎসৱৰ সমূহ কাৰ্যসূচীত জিলা খনৰ লগতে অঞ্চলটোৰ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে।

হেজাৰী ভাওনা মহোৎসৱ