/asomiyapratidin/media/media_files/2025/03/16/afiVpqCI9liAGOY0tgWn.png)
ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ কৰৈয়নী কলংপৰীয়া বাৰগঞা সমাজৰ দ্বাদশ হেজাৰী ভাওনা মহোৎসৱত দেওবাৰে অন্তিম দিনা উপস্থিত হয় কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। আজিৰ কাৰ্যসূচী অনুসৰি বিয়লি ১১ খন ৰভাত একেসময়তে শিশু শিল্পীসকলৰ দ্বাৰা অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়।
আধ্যাত্মিক আৰু উদুলি মুদুলি পৰিবেশত উক্ত অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই অংকীয়া ভাওনা উপভোগ কৰে।ভাষণ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই কয়- গুৰুজনাই গঢ়ি থৈ যোৱা সমাজখনক আগুৱাই নিয়াত কৰৈয়নী বাৰেগঞা মন্দিৰে এক গুৰু দায়িত্ব বহন কৰিছে। আমাৰ জাতীয় সংস্কৃতিক সু-সংহতভাৱে আগুৱাই নিয়াৰ প্ৰয়াস কৰাটো এইয়া নি:সন্দেহে শুভলক্ষণ।
/asomiyapratidin/media/media_files/2025/03/16/IHotpC3LbrKjLzCqW6V9.jpg)
আজি শিশুসকলৰ ভাওনা প্ৰদৰ্শনৰ পৰা এইটোৱেই প্ৰমাণিত হৈছে যে নৱ প্ৰজন্মক আধ্যাত্মিক দিশত আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে বাৰগঞা সমাজখন। ভাষণত মন্ত্ৰীগৰাকীয়ে আৰু কয়- বৰ্তমান আমাৰ হাতত থকা ম'বাইলটোৰেই গোটেই পৃথিৱীখন দেখে। তাৰ মাজত নিজৰ স্বকীয় পৰিচয় ধৰি ৰখাটো অতি কঠিন হৈ পৰিছে।
/asomiyapratidin/media/media_files/2025/03/16/XlacPNJPKN82tMqvRxB6.jpg)
সেই সময়তে এনে ধৰণে গুৰুজনাৰ সংস্কৃতিৰ প্ৰতি নৱ প্ৰজন্মক আকৰ্ষণ কৰিব পৰাটো আদৰ্শৰ কথা। বাৰেগঞা সমাজে ভাওনা সংস্কৃতি ধৰি ৰখাৰ যি জাতীয় দায়িত্ব পালন কৰিছে,এইয়া প্ৰশংসনীয় পদক্ষেপ।
/asomiyapratidin/media/media_files/2025/03/16/0ezUPtxkRxpcVe8BdHgi.jpg)
আনহাতে দুপৰীয়া প্ৰতি ৰভাত নামকীৰ্তন হোৱাৰ পিছত অংকীয়া ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই। ভাষণত তেওঁ কয়- গুৰুজনাই ২১ বছৰ বয়সত গয়া, পুৰী, মথুৰা, বৃন্দাবন আদি ভ্ৰমণ কৰি আহি বটদ্ৰৱাত চিহ্ন যাত্ৰা ভাওনা পাতিছিল। এই ভাওনাত তেওঁ নিজেই সুত্ৰধাৰৰ ভাও কৰিছিল। গুৰুজনাই তাল খোল ,নাগাৰা ,ডবা,আৰিয়া আদি দেৱবাদ্য উন্মোচন কৰিছিল আৰু সেই দেৱবাদ্যসমূহ এতিয়া অসমৰ চুবুৰীয়ে চুবুৰীয়ে থকা নামঘৰত পোৱা যায়।
/asomiyapratidin/media/media_files/2025/03/16/IIvT3Y5dkvNyXTfHP4vh.jpg)
গুৰুজনাই একতা ,দৃঢ়তা,সততা আৰু সমন্বয়ৰ বানী দি থৈ গৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। কালি নিশা লোকবাদ্য আৰু লোক নৃত্য প্ৰদৰ্শনৰ অন্তত নৱজ্যোতি বৰাৰ ৰচনা আৰু পৰিচালনাৰে নাটক "বলুকাত বিয়লি বেলা" মঞ্চস্থ কৰা হয়।ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ দীপক বৰাই।আজি নিশা ১১ খন ৰভাত একেলগে গুৰুজনাৰ অপূৰ্ব সৃষ্টি 'কেলিগোপাল নাটৰ" আধাৰত শ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শনৰ অন্তত বাৰগঞা হেজাৰী ভাওনা মহোৎসৱৰ সামৰণি পৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us