নগাঁৱৰ কৰৈয়নীত কলংপৰীয়া বাৰগঞা সমাজৰ হেজাৰী ভাওনা মহোৎসৱ আৰম্ভ…

প্ৰতিষ্ঠা কালৰে পৰাই প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে পবিত্ৰ হেজাৰী ভাওনা মহোৎসৱ উদযাপন কৰি অহা হৈছে। ২০০৭ চনত বৰপেটা সত্ৰৰ পৰা অক্ষয় বন্তিৰ শিখা আৰোহণ কৰি মন্দিৰত স্থাপন কৰা হৈছিল আৰু এই বন্তি দৈনিক প্ৰজ্বলিত হৈ থাকি মন্দিৰ ভাগত এক ভক্তিৰ পৰিবেশ বিৰাজ কৰি আহিছে। 

author-image
Asomiya Pratidin
New Update
কৰৈয়নীত কলংপৰীয়া বাৰগঞা সমাজৰ হেজাৰী ভাওনা মহোৎসৱ আৰম্ভ

কৰৈয়নীত কলংপৰীয়া বাৰগঞা সমাজৰ হেজাৰী ভাওনা মহোৎসৱ আৰম্ভ

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও চহৰৰ পৰা সাত কিলোমিটাৰ পূৱে কলং সুঁতিৰ উত্তৰ পাৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ ১৯৬৬ চনত গঠন কৰা হৈছিল ধৰ্মীয় অনুষ্ঠান "কলংপৰীয়া বাৰগঞা সমাজ"। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ, প্ৰসাৰ, কলা-কৃষ্টিৰ চৰ্চা আৰু সংৰক্ষণৰ লগতে নৱৰসেৰে সমৃদ্ধ অংকীয়া ভাওনা প্ৰদৰ্শনৰ মূল উদ্দেশ্য আগত ৰাখি বৃহত্তৰ কৰৈয়নী অঞ্চলৰ মধ্যস্থল বুৰঞ্জীপ্ৰসিদ্ধ বৰডোঙা পথাৰত পদ্মাকৃতিৰ নৱদ্বাৰযুক্ত এটি মন্দিৰ নিৰ্মাণ কৰা হৈছিল।

Advertisment
হেজাৰী ভাওনা আৰম্ভ
হেজাৰী ভাওনা আৰম্ভ

 

প্ৰতিষ্ঠা কালৰে পৰাই প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে পবিত্ৰ হেজাৰী ভাওনা মহোৎসৱ উদযাপন কৰি অহা হৈছে। ২০০৭ চনত বৰপেটা সত্ৰৰ পৰা অক্ষয় বন্তিৰ শিখা আৰোহণ কৰি মন্দিৰত স্থাপন কৰা হৈছিল আৰু এই বন্তি দৈনিক প্ৰজ্বলিত হৈ থাকি মন্দিৰ ভাগত এক ভক্তিৰ পৰিবেশ বিৰাজ কৰি আহিছে। 

হেজাৰী ভাওনা আৰম্ভ
হেজাৰী ভাওনা আৰম্ভ

 

এই মন্দিৰত দৌল উৎসৱৰ লগত সংগতি ৰাখি কলংপৰীয়া বাৰগঞা সমাজ আৰু বাৰগঞা মহিলা সমিতিৰ যৌথ ব্যৱস্থাপনাত বুধবাৰৰ পৰা চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বাদশ হেজাৰী ভাওনা মহোৎসৱ আৰম্ভ হৈছে। হীৰক জয়ন্তী বর্ষত ভৰি দিয়া ভাওনা মহোৎসৱত আজি বন্তি প্ৰজ্জ্বলনৰ লগতে ধৰ্মধজ্জা উত্তোলন আৰু ভাওনা মহোৎসৱৰ পতাকা উত্তোলন কৰে ক্ৰমে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।

ভাওনা মহোৎসৱৰ লগত সংগতি ৰাখি হীৰক জয়ন্তী বৰ্ষ উপলক্ষে অঞ্চলটোৰ স্থানীয় আৰু আমন্ত্ৰিত ব্যক্তিসকলৰ দ্বাৰা ৬০ খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই স্মৃতিচাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ অন্তত নৱনিৰ্মিত বাটচ'ৰা উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী পুলিন হাজৰিকাই।

উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মা
উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মা

 

মন্দিৰত নৱনিৰ্মিত দুখন শৰাই উন্মোচন কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰাই। ইয়াত পিছতে দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা অৰুন হাজৰিকাই।

বাৰগঞা মন্দিৰৰ আৰম্ভ কৰি অঞ্চলটোৰ ১৬ খন গাঁৱৰ মাজেৰে পৰিভ্ৰমণ কৰা উক্ত শোভাযাত্ৰাত বাৰগঞা মন্দিৰৰ প্ৰতীক, ভাগৱতৰ লগতে গুৰুজনাৰ অনবদ্য কৃষ্টি-সংস্কৃতি গায়ন বায়নৰ জোৰা, দিহানামৰ দল, ৰাসলীলা, অংকীয়া ভাওনাৰ বিভিন্ন দৃশ্য, গুৰুদুজনাৰ অপূৰ্ব সৃষ্টি নাম সিংহ, আয়তিৰ পানী তোলা, বিয়ানাম, বিহু নৃত্য, কৃষি কৰ্ম আদি প্ৰদৰ্শন কৰা হয়। 

হেজাৰী ভাওনা উপলক্ষে উপস্থিত থকা অভ্যাগতসকল
হেজাৰী ভাওনা উপলক্ষে উপস্থিত থকা অভ্যাগতসকল

 

সাংস্কৃতিক শোভাযাত্ৰাত বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, দ্বীপজ্যোতি কেওট(মোহন), ৰিণ্টুমণি বৰা(ৰাকেশ),পৱন মহন্ত, ৰাজেন ফুকন, নাট্যকাৰ নৱজ্যোতি বৰাকে ধৰি কেইবাগৰাকী অভিনেতা- অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰে। আনহাতে শুকুৰবাৰে দুপৰীয়া ১ বজাত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকিব।

উক্ত সভাত স্মৃতিগ্ৰন্থ "কৰাপাট" উন্মোচন কৰিব অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই। ভাওনা মহোৎসৱত মুঠ ৩৩ খন অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ’ব। ইতিমধ্যে ভাওনা মহোৎসৱক লৈ অঞ্চলটোৰ লগতে জিলাখনত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে।

bhaona