ডিজিটেল ডেস্ক : মঙলবাৰে নতুন বছৰৰ প্ৰথমজাক বৰষুণে ধুৱাই নিলে সমগ্ৰ ৰাজ্য। নমাই আনিলে হাঁড় কপোৱা শীত। নিম্নগামী হ’ল পাৰাস্তম্ভ।
বৰষুণৰ উপৰি ৰাজ্যৰ কোনো কোনো অঞ্চলত ধুমুহা, শিলাবৃষ্টিৰ ফলত বন্ধ হৈ পৰিল যাতায়াত। ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰাস্তাৰ মাজতে আৱদ্ধ হৈ পৰিল উজনি- নামনিৰ ভালেসংখ্যক যান- বাহন তথা যাত্ৰী। কেৱল ইমানেই নহয়, কলিয়াবৰত গছ উভালি পৰা ফলত ভালেখিনি সময়ৰ বাবে পথৰ মাজত আৱদ্ধ হৈ থাকিবলগীয়া হয় যান- বাহন। অৱশ্যে নিশাৰ ভিতৰতে বন বিভাগৰ লোক আহি পথছোৱা মুকলি কৰে।
ইয়াৰ মাজতে বুধবাৰে পুনৰ ৰাজ্যত ধাৰাসাৰ বৰষুণ অহাৰ আজজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কেইবাখনো জিলা আজিৰ দিনটোত ডাৱৰীয়া হৈ থকাৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰিছে। সেয়েহে বতৰ বিজ্ঞান কেন্দ্ৰই এই জিলা দুখনৰ জনসাধাৰণৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ উপৰি আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰ হ’ব ২৫ ডিগ্ৰী চেলছিয়াচ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ’ব ১৪ ডিগ্ৰী চেলছিয়াচ।