বৰষুণ নেৰেঃ অহা ৪-৫দিনলৈ ছাতি, ৰেইনকোট লগত ৰাখক...

গুৱাহাটীত অহা ২৫ আগষ্টলৈ বৰষুণ অব্যাহত থাকিব!

author-image
Dimpul Borgohain
New Update
বৰষুণ নেৰেঃ অহা ৪-৫দিনলৈ ছাতি, ৰেইনকোট লগত ৰাখক...

ডিজিটেল ডেস্কঃ মঙলবাৰে দিনটো নেৰানেপেৰা বৰষুণে ৰাজ্যবাসীক ঘৰৰ পৰা ওলাই আহিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে যে, আগন্তুক ৪-৫দিনলৈ অসমত এনে পৰিস্থিতিয়েই বিৰাজ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Advertisment

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, পশ্চিম অসমৰ পৰা উত্তৰ ওড়িশালৈকে গড় সমুদ্র পৃষ্ঠৰ ৯.৮-১২ কিলোমিটাৰ ওপৰত নিম্ন চাপৰ বিস্তৃত ৰেখা বিৰাজমান । তদুপৰি দক্ষিণ বাংলাদেশ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ওপৰত বায়ুৰ নিম্নচাপ সক্ৰিয় হৈ আছে । ইয়াৰ ফলত অহা ২২ আগষ্টলৈকে ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে মধ্যমীয়া বৰষুণ হ'ব । কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকনিৰে প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে ।

ইফালে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে, মঙলবাৰে বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ হ'ব । আনহাতে আগন্তুক ২৪ ঘণ্টাত উজনি অসমৰো কেইবাটাও প্ৰান্তত হ'ব পাৰে ধুমুহা-বৰষুণ । গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, গুৱাহাটীত অহা ২৫ আগষ্টলৈ বৰষুণ অব্যাহত থাকিব।

Also Read: ICC মহিলা টি-২০ বিশ্বকাপঃ বাংলাদেশে হেৰুৱালে সুযোগ, কপাল ফুঁলিল ডুবাইৰ...

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ ধুমুহা বৰষুণ