১২ জুলাইলৈ দিল্লীত হ'ব ধাৰাসাৰ বৰষুণঃ আইএমডি

সোমবাৰৰ পুৱা ৰাজধানী দিল্লীৰ কিছু অংশত হোৱা ধাৰাসাৰ বৰষুণে গৰম আৰু অধিক আর্দ্ৰতাৰ পৰা জনতাক পৰিত্ৰাণ দিছে। বতৰৰ এই পৰিবৰ্তনে ৰাজধানী চহৰখনৰ বাসিন্দাসকলক সকাহ প্ৰদান কৰিছে।

author-image
Asomiya Pratidin
New Update
pppppp

ডিজিটেল ডেস্কঃ সোমবাৰৰ পুৱা ৰাজধানী দিল্লীৰ কিছু অংশত হোৱা ধাৰাসাৰ বৰষুণে গৰম আৰু অধিক আর্দ্ৰতাৰ পৰা জনতাক পৰিত্ৰাণ দিছে। বতৰৰ এই পৰিবৰ্তনে ৰাজধানী চহৰখনৰ বাসিন্দাসকলক সকাহ প্ৰদান কৰিছে। শেহতীয়াকৈ বৃদ্ধি পোৱা গৰম আৰু আর্দ্ৰতাৰ পিছত পুৱা আৰম্ভ হোৱা বৰষুণে পৰিষ্কাৰ কৰিছে দিল্লীৰ বায়ু। ইফালে দিল্লীৰ কিছু অঞ্চলত পানী জমা হোৱাৰ দৃশ্যও দেখিবলৈ পোৱা গৈছে।

Advertisment

ইয়াৰ পূৰ্বে দেওবাৰে নাজাফগড়ত ১৯ মিলিমিটাৰ বৰষুণ হোৱাৰ ৰেকৰ্ড কৰিছিল যদিও দিল্লীৰ অন্য অংশত বৰষুণৰ খুব কম প্রভাব দেখা গৈছিল। বতৰ বিজ্ঞান কেন্দ্ৰৱে সোমবাৰে মধ্যমীয়া বৰষুণৰ সম্ভাৱনাৰ বাবে ইয়েল্ল এলাৰ্ট জাৰি কৰিছিল। ইফালে আই এম ডিৰ মতে, দিল্লীত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ১২ জুলাই পৰ্যন্ত একেই থাকিব দিল্লীৰ বতৰ।

আনহাতে, বতৰ বিজ্ঞানী নৱদীপ দহিয়াই এক্সত প্ৰকাশ কৰা অনুসৰি, "আগন্তুক সপ্তাহটোত পঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উত্তৰ ৰাজস্থান আৰু চণ্ডীগড়ত প্ৰচুৰ বৰষুণৰ সম্ভাৱনা আছে।" উত্তৰ-পশ্চিম ভাৰতৰ কেইবাটাও অংশত ৫০-১৫০ মিমি পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভৱনা আছে বুলি জনোৱা হৈছে।

উল্লেখযোগ্য যে, জুলাই মাহত সাধাৰণতে দিল্লীত ২০৯.৭ মিমি বৰষুণ হয়, কিন্তু এইবাৰ এতিয়ালৈকে কেৱল ৫.৯ মিমি বৰষুণহে হৈছে। বিগত বৰ্ষত জুলাইত  ২০৩.৭ মিমি বৰষুণ হৈছিল।

delhi rain weather