/asomiyapratidin/media/media_files/2025/11/27/344-2025-11-27-20-27-19.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : নতুন পেন্সন নীতিৰ অধীনত থকা চৰকাৰী কৰ্মচাৰীসকলে বৃহস্পতিবাৰে ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আজি এনপিএছৰ অধীনত থকা চৰকাৰী কৰ্মচাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলৰ উপৰিও শিক্ষাকে ধৰি বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীসকল একত্ৰিত হৈ আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত প্ৰতিবাদ কৰে। কৰ্মচাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ এনপিএছ বাতিল কৰক, অ' পি এছ লাঘু কৰক, এন পিএছ আমি নামানো, অ' পি এছ আমাক লাগিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-20-27-05.jpeg)
দীৰ্ঘদিনৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে এনপিএছ বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাচতো চৰকাৰে বিষয়টো লৈ কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই। বৰ্তমানে চলি থকা বিধানসভাৰ শীতকালীন অধিবেশনৰ জৰিয়তে চৰকাৰে এই নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি প্ৰৱৰ্তন নকৰিলে চৰকাৰী কৰ্মচাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি অৱগত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us