Advertisment

২০২৫তো অব্যাহত থাকিব ভাৰতত বিদেশী বিনিয়োগৰ উৰ্ধমুখী ধাৰা...

২০২৫বৰ্ষতো ভাৰতলৈ বিদেশী বিনিয়োগৰ সুস্থ প্ৰৱাহ অব্যাহত থাকিব। শেহতীয়াকৈ এই সংকেত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিবেদনে। অনিশ্চয়তা আৰু প্ৰত্যাহ্বানৰ মাজতো চলিত বৰ্ষৰ

author-image
Asomiya Pratidin
New Update
২০২৫ চনতো ভাৰতলৈ সুস্থ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ অব্যাহত থাকিব

২০২৫ চনতো ভাৰতলৈ সুস্থ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ অব্যাহত থাকিব Photograph: (২০২৫ চনতো ভাৰতলৈ সুস্থ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ অব্যাহত থাকিব)

ডিজিটেল ডেস্কঃ  ২০২৫বৰ্ষতো ভাৰতলৈ বিদেশী বিনিয়োগৰ সুস্থ প্ৰৱাহ অব্যাহত থাকিব। শেহতীয়াকৈ এই সংকেত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিবেদনে। অনিশ্চয়তা আৰু প্ৰত্যাহ্বানৰ মাজতো চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা গড়ে ৪.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ ওপৰত মাহেকীয়া প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই)ৰ প্ৰবাহ ভাৰতে ২০২৫ চনত এই ধাৰাটো বজাই ৰাখিবলৈ সক্ষম হব। 

Advertisment

বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ নীতি, বিনিয়োগৰ ওপৰত শক্তিশালী লাভ, দক্ষ জনশক্তি, অনুসৰণৰ বোজা হ্ৰাস, উদ্যোগ সম্পৰ্কীয় সৰু সৰু অপৰাধক অপৰাধমুক্ত কৰা, সুশৃংখলিত অনুমোদন আৰু নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থা, আৰু উৎপাদন সংযুক্ত প্ৰৰোচনা (পিএলআই) আঁচনি বিদেশী বিনিয়োগকাৰীক ভাৰতৰ দিশে অধিক আকৰ্ষিত কৰিছে।

ইয়াৰ উপৰিও ভাৰত যাতে আকৰ্ষণীয় আৰু বিনিয়োগকাৰীৰ অনুকূল গন্তব্য স্থান হৈ থাকে তাৰ বাবে চৰকাৰে প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতি নিৰন্তৰভাৱে পৰ্যালোচনা কৰি  আছে আৰু এপেক্স উদ্যোগ চেম্বাৰ, এছ’চিয়েচন, আৰু উদ্যোগৰ প্ৰতিনিধিকে ধৰি অংশীদাৰসকলৰ সৈতে নিবিড় আলোচনা কৰাৰ পিছত সময়ে সময়ে পৰিৱৰ্তন কৰে।

চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহৰ সময়ছোৱাত দেশলৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগ প্ৰায় ৪২ শতাংশ বৃদ্ধি পাই ৪২.১৩ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে। পূৰ্বৰ বছৰত এই পৰিমাণ আছিল ২৯.৭৩ বিলিয়ন মাৰ্কিন ডলাৰ।

২০২৪-২৫ চনৰ এপ্ৰিল-ছেপ্টেম্বৰৰ ভিতৰত ৪৫ শতাংশ বৃদ্ধি পাই ২৯.৭৯ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ২০.৪৮ বিলিয়ন মাৰ্কিন ডলাৰ আছিল। ২০২৩-২৪ চনত মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ আছিল ৭১.২৮ বিলিয়ন মাৰ্কিন ডলাৰ।

ডিপিআইআইটি (উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ)ৰ সচিব অমৰদ্বীপ সিং ভাটিয়াই কয় যে, ধাৰা অনুসৰি গৈ ২০২৫ চনতো দেশখনে সুস্থ প্ৰত্যক্ষ বিদেশী বিনিয়োগ আকৰ্ষণ কৰি থাকিব।

ভাৰত