/asomiyapratidin/media/media_files/2025/06/16/U7hRIxgL5sGnFfFfA4c1.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ বিভিন্ন দাবী আদায়ৰ সমৰ্থনত শিলচৰত আশা কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে, চাকৰি স্থায়ীকৰণ কৰা, প্ৰতি মাহে ২৭ হাজাৰ টকা দৰমহা প্ৰদান, পাৰিশ্ৰমিক প্ৰতি মাহে আদায় দিয়া, চাৰি মাহৰ অনাদায় পাৰিশ্ৰমিক আদায় দিয়া, আশা কৰ্মীক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা, ষ্মাৰ্টফোন প্ৰদান কৰা, যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা অনাদায় থকা প্ৰসূতি মাতৃ সকলৰ ২১০০ টকা আদায় দিয়া আদি কেইবাটাও দাবীৰে সোমবাৰে শিলচৰত আশা কৰ্মী সকলে বিক্ষোভ প্ৰদৰ্শন কৰে।
শিলচৰৰ ক্লাব ৰোডৰ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ সমীপত আয়োজিত কৰা এই বিক্ষোভ আৰু ধৰ্ণা কাৰ্যসূচীত হাতত প্লে' কাৰ্ড লৈ কাছাৰ জিলাৰ আশা কৰ্মী সকলে তেওঁলোকৰ দাবী পুৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। অন্যথা অনিদিৰ্ষ্টকালীন কৰ্ম বিৰতি পালন কৰিব বুলি চৰকাৰক হুচিয়াৰী প্ৰদান কৰে আশা কৰ্মী সকলে।