/asomiyapratidin/media/media_files/2025/03/06/WOnQTetiUBpdaPNwTRXx.jpg)
বৈঠালাংছ’ত স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
ডিজিটেল সংবাদ, বৈঠালাংছ' : পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগ, পশ্চিম কাৰ্বি আংলঙৰ সহযোগত বৃহস্পতিবাৰে বৈঠালাংছ’ৰ চেৰদিহুন আকলামত এটি স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। বিশেষভাৱে সক্ষম লোক সকলৰ উদ্দেশ্যে আয়োজন কৰা এই স্বাস্থ্য পৰীক্ষা শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ কাণ, নাক আৰু ডিঙি (ই এন টি), অৰ্থপেডিকছ, মেডিচিন, চকু আৰু মনোৰোগ চিকিৎসাৰ বিশেষজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰে ।
এই শিবিৰত বিশেষভাৱে সক্ষম লোকসকলক চিকিৎসা, কাউঞ্চেলিং আৰু ঔষধ প্ৰদান কৰাৰ লগতে অস্থায়ী প্ৰমাণপত্ৰ দিয়াৰো ব্যৱস্থা কৰা হয় । তদুপৰি এই শিবিৰত অসংক্ৰামক ৰোগ আৰু যক্ষ্মা ৰোগৰ স্ক্ৰীনিং কৰাৰ লগতে কাঠফুলাৰ পৰা হোৱা বিষক্ৰিয়া ওপৰত তথ্যসমৃদ্ধ বেনাৰ আৰু পোষ্টাৰ প্ৰদৰ্শন কৰা হয় ।
/asomiyapratidin/media/media_files/2025/03/06/rnXkDmzOHKutDsSJ2Fk0.jpg)
এই শিবিৰত উপস্থিত থাকি পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডা০ জগত সিং টেৰণে কয়- ইতিমধ্যে আমি জিলা সমাজ কল্যাণ বিভাগ, পশ্চিম কাৰ্বি আংলঙৰ লগত সংযুক্ত হৈ ডংকামোকামত এই শিবিৰ সমাপ্ত কৰিছোঁ । য'ত ২৫০ জন লোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাইছিল । আজি বৈঠালাংছ'ত এতিয়ালৈকে আমি ভালেই সহাঁৰি পাইছোঁ । অনাগত দিনত জিৰিকেন্দিং আৰু উমপানাইতো আমি এনেধৰণৰ কেম্প পতাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম । আমাৰ জিলাত থকা বিশেষভাৱে সক্ষম লোক সকলৰ বাবে এয়া এক সময়োপযোগী পদক্ষেপ ।
উল্লেখযোগ্য যে এই স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত আছিল বৈঠালাংছ’ৰ সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত বন বিষয়া ধনচিং টেৰণ,বৈঠালাংছ’ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য বিষয়া ড০ লংবিৰাম ডেৰা, ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰম, পশ্চিম কাৰ্বি আংলঙৰ জিলা সমন্বয়ক পাকিজা পাৰবীন বৰভূঁঞা, জিলা সংবাদ বিশেষজ্ঞ ৰাহুল ডেকা, ব্লক প্ৰগ্ৰেম মেনেজাৰ সমৰজ্যোতি বৰা, ব্লক একাউণ্টছ মেনেজাৰ চাৰসিং টেৰণৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন বিষ়ববীয়া ।