সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চ নগাঁৱৰ উদ্যোগত স্বাস্থ্য শিবিৰ...

সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চ, নগাঁৱৰ উদ্যোগত নগাঁও পলিটেকনিকত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ নগাঁও জিলা স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত হয়। শিবিৰটি মুকলি কৰে অধ্যক্ষ দিলীপ তালুকদাৰে

author-image
Asomiya Pratidin
New Update
cfjn

ডিজিটেল সংবাদ, বেবেজীয়া : সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চ, নগাঁৱৰ উদ্যোগত বৃহস্পতিবাৰে নগাঁও  পলিটেকনিকত এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ নগাঁও জিলা স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰটি আনুষ্ঠানিকভাৱেভাৱে মুকলি কৰে নগাঁও পলিটেকনিকৰ অধ্যক্ষ দিলীপ তালুকদাৰে। 

অনুষ্ঠানত নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ ফণী পাঠক, অতিৰিক্ত মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া ডা০ বীণাপাণি নেওগ আদিয়ে অংশগ্ৰহণ কৰে। মঞ্চৰ সভাপতি হিৰণ্য বল্লভ গোস্বামী, কাৰ্যকৰী সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক মুক্তি বৰা, কোষাধ্যক্ষ দিলীপ কুমাৰ আৰু সমাজকৰ্মী জয়ন্ত কুমাৰ বৰাই অভ্যাগত আৰু চিকিৎসকসকলক সম্বৰ্ধনা জনায়। 

শিবিৰত তেজৰ বিভিন্ন পৰীক্ষা, চকু পৰীক্ষাকে ধৰি সাধাৰণতে হোৱা ৰোগৰ পৰীক্ষা কৰা হয়। লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। চিকিৎসা শিবিৰত বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডা০ দিলীপ কুমাৰ শৰ্মা, ডা০ মুন হাজৰিকা, ডা০ জিয়াউদ্দিন আহমেদ, ডা০ নিৰ্মালি বনিয়া, ডা০ পংকজ বৰুৱা, ডা০ আব্দুল ৰেজেক, ডা০ গগন শইকীয়া, ডা০ ৰৌশ্যন ছিদ্দিক, ডা০ দিলীপ ভট্ট উপস্থিত থাকে। 

লগতে চিকিৎসা কৰ্মী স্মৃতিৰেখা কলিতা, চাবিয়া ইয়াচমিন, ছাদিকুৰ ৰহমান বেদান্ত বৰা আদিয়ে চিকিৎসা সেৱা প্ৰদান কৰে। উদ্যোক্তাসকলে জনোৱা অনুসৰি শিবিৰটিত শতাধিক লোকক চিকিৎসা প্ৰদান কৰা হয়। আজিৰ এই শিবিৰটি সফলভাৱে সম্পন্ন হোৱাত সচেতন নাগৰিক মঞ্চৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰে।

health camp Bebejia