নগাঁৱৰ ৰাজ্যিক নাৰী আৰু শিশু গৃহত স্বাস্থ্য শিবিৰ

শিবিৰত উপস্থিত থাকি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ দন্ত চিকিৎসক ডা০ মিতালী গোস্বামীয়ে গৃহটোৰ বাসিন্দাসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে সকলোৰে মাজত টুথপেষ্ট, মাউথৱাছ আদি বিতৰণ কৰে

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য দিৱস

ডিজিটেল সংবাদ, গুৱাহাটী : ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নগাঁৱৰ ৰাজ্যিক নাৰী আৰু শিশু গৃহত এটা সজাগতামূলক শিবিৰ অনুষ্ঠিত কৰা হয়। শিবিৰত উপস্থিত থাকি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ দন্ত চিকিৎসক ডা০ মিতালী গোস্বামীয়ে গৃহটোৰ বাসিন্দাসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে সকলোৰে মাজত টুথপেষ্ট, মাউথৱাছ আদি বিতৰণ কৰে।

Advertisment

চিকিৎসকগৰাকীয়ে এই উপলক্ষে আয়োজন কৰা অনুষ্টুপীয়া সভাত ভাষণ দি সকলোকে মুখৰ স্বাস্থ্য সন্দৰ্ভত সজাগ হ'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত ৰাজ্যিক ন'ডেল বিষয়া ডা: ৰুবী কটকীৰ তত্বাৱধানত ৰাজ্যজুৰি যোৱা ২০ মাৰ্চৰপৰা ২০ এপ্ৰিললৈ বিশ্ব মুখ স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি সজাগতা সভাৰ আয়োজন কৰা হৈছে।

ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যসূচীৰ নগাঁও জিলাৰ ন'ডেল বিষয়া ডা: দিগন্ত ভট্টাচাৰ্যৰ তত্বাৱধানত আজি ধিঙত আৰু ৰূপহীতো সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়।

nagaon