/asomiyapratidin/media/media_files/2025/04/07/KseRiOU8L9xNkyOtT1zH.jpg)
ডিজিটেল সংবাদ,হামৰেণ: 'সুস্থ সমাজ, স্বাস্থ্যৱান অসম' গঢ়ি তোলাৰ ক্ষেত্ৰত এক উল্লেখনীয় পদক্ষেপ হিচাপে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পশ্চিম কাৰ্বি আংলং জিলাৰ কপিলী কলেজ, খেৰণীত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি খেৰণীত অনুষ্ঠিত হোৱা স্বাস্থ্য আৰু কল্যাণ শিবিৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ সদস্য পৱন কুমাৰে।
পৰিষদৰ সদস্য গৰাকীয়ে মুকলি সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নিজৰ বক্তব্যত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাইজক এই স্বাস্থ্য শিবিৰসমূহত অংশগ্ৰহণ কৰি নিজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে এক সুস্থ সমাজ তথা সুৰক্ষিত অসম গঢ়াৰ দিশত অৰিহণা যোগাবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য যে, আজিৰ এই স্বাস্থ্য আৰু কল্যাণ শিবিৰটো বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় জন সচেতনতা বৃদ্ধিৰ বাবে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয়।
বিভিন্ন স্বাস্থ্য সম্পর্কীয় কার্য্যক্রমৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা গঢ়ি তোলাই এই স্বাস্থ্যমেলাৰ মূল উদ্দেশ্য। তদুপৰি এই স্বাস্থ্য আৰু কল্যাণ শিবিৰত বিভিন্ন সংক্রামক আৰু অসংক্ৰামক ৰোগৰ প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ স্বাস্থ্য-সজাগতা বৃদ্ধি কৰা, আগতীয়াকৈ কোনো ৰোগ নিৰ্ণয় কৰি ৰোগৰ অৱস্থাৰ ব্যৱস্থাপনা কৰিবৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা তথা নিজকে শৰীৰচৰ্চা সম্পৰ্কীয় বিভিন্ন শাৰীৰিক ব্যায়াম আদি কাৰ্য্যত নিয়োজিত কৰি নিৰোগী কৰি ৰখাত দিহা পৰামৰ্শ ৰাইজক প্ৰদান কৰে।
ইয়াৰোপৰি এই স্বাস্থ্য আৰু কল্যাণ শিবিৰত মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা, মধুমেহ, উচ্চ ৰক্তচাপ, মুখগহ্বৰৰ কৰ্কট আৰু মানসিক স্বাস্থ্য পৰীক্ষা, যক্ষ্মা, কুষ্ঠ, মেলেৰিয়া, চিকল ছে'ল ৰোগৰ পৰীক্ষা, চকুৰ যতন, নাক-কাণ, দাঁত আৰু শ্ৰৱণ শক্তিৰ পৰীক্ষা, বিনামূলীয়াকৈ ৰোগ নিৰ্ণায়ক পৰীক্ষা, ঔষধ, টেলিফোনযোগে ৰোগ বিষয়ক পৰামৰ্শ, স্বাস্থ্য পৰীক্ষা ৰাইজৰ বাবে উপলব্ধ কৰা হয় ।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰা আৰু নেতৃত্বত, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সহযোগত,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰচেষ্টাত, সুস্থ সমাজ, স্বাস্থ্যবান অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিখন গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, ভি চি ডি চিত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰেই অংশ হিচাপে আজি এই প্ৰথমখন স্বাস্থ্য মেলা অনুষ্ঠিত হয়।
আজিৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত ১১ গৰাকী অৱসহৰ প্ৰাপ্ত আশাকৰ্মী সকলক এককালীন সাহায্য প্ৰদান কৰাৰ লগতে উপস্থিত ৰাইজ সকলৰ মাজত বিনামূলীয়াকৈ আঠুৱা বিতৰণ কৰা হয় ।
এই স্বাস্থ্য শিৱিৰত উপস্থিত আছিল পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডাঃ জগৎ সিং টেৰণ, মহকুমা স্বাস্থ্য বিষয়াদ্বয় ডাঃ মন্টু কুমাৰ শ্যাম, ডাঃ বীৰেন টিমুং, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান পশ্চিম কাৰ্বি আংলঙৰ জিলা আঁচনী প্ৰৱন্ধক হিল্টন শইকীয়া।