/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-18/1t5kj8f2/1.jpg)
ডিজিটেল সংবাদ,হাজোঃ ৰাজ্যিক বিজেপি সভাপতি ভবেশ কলিতা আৰু লাইনছ ক্লাব গুৱাহাটীৰ উদ্যোগত হাজোৰ বাগটা গাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। বিজেপি নেতা মহেশ্বৰ দাসে উদ্বোধন কৰা চিকিৎসা শিবিৰত উপস্থিত থাকে লাইনছ ক্লাৱৰ সভাপতি মহেশ শৰ্মা আৰু পংকজ দাস।
উল্লেখযোগ্য বান পীড়িত অঞ্চল সমূহত লাইনছ ক্লাব গুৱাহাটীয়ে বিভিন্ন সময়ত চিকিৎসা সেৱা আগবঢ়াই আহিছে। এই শিবিৰত চকু ৰোগ,চৰ্ম ৰোগ,জ্বৰ আদিৰ চিকিৎসা প্ৰদান কৰা হয়।
অনাগত দিনতো অসমৰ বিভিন্ন প্ৰান্তত এই চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিব বুলি সদৰী কৰে লাইনছ ক্লাৱৰ সভাপতি মহেশ শৰ্মাই।লগতে গ্ৰাম্য অঞ্চলত অম্বুলেন্স সেৱা আগবঢ়োৱাৰ চিন্তা চৰ্চা কৰা হব বুলিও সদৰী কৰে লাইনছ ক্লাব গুৱাহাটীয়ে।
Also Read: ৰাজপথত মন্ত্ৰী পীযুষ হাজৰিকাক আগভেটি ধৰিলে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us