ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বিজনীৰ বড়োবাজাৰৰ পশু চিকিৎসালয়ৰ পথাৰত জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত শুকুৰবাৰে স্বাস্থ্য আৰু পৰিপুষ্টি মেলা-২০২৪ অনুষ্ঠিত হয়৷ জিলা সমাজকল্যাণ বিভাগৰ মহিলা আৰু শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত পোষণ অভিযান-২.০ আৰু সংকল্প হাব অসমৰ সহযোগত অনুষ্ঠিত হোৱা এই স্বাস্থ্য আৰু পৰিপুষ্টি মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাই৷
মেলা খনত থলুৱা ভাবে উৎপাদিত বিভিন্ন ধৰণৰ পুষ্টিকৰ সেউজীয়া শাক-পাচলি, ফলমূল, পিঠা-পনা আদিৰ এক আকৰ্ষণীয় প্ৰদৰ্শনী কৰা হয়৷ আজিৰ এই স্বাস্থ্য আৰু পৰিপুষ্টি মেলাৰ সৈতে সঙ্গতি ৰাখি এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়৷
সভাৰ আঁত ধৰে মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মিছন সমন্বয়ক শ্ৰাই ওৱাৰীয়ে৷ এই সভাতে অঞ্চলটোৰ স্বাস্থ্যবান ১০ টি শিশুৰ পিতৃ-মাতৃক একোখন মানপত্ৰ আৰু পুষ্টিকৰ খাদ্যৰ টোপোলা দি সম্বৰ্ধনা জনোৱা হয়৷
সভাত স্বাস্থ্য সন্মত হিম’গ্লবিন থকা তিনি গৰাকী ছাত্ৰীকো একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ আজিৰ এই সভাত বিটিচিৰ মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, বড়োবাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ খুংখ্ৰা গয়াৰী, জিলা সমাজ কল্যাণ বিষয়া মনজিৎ দাস সহ অন্যান্য লোক উপস্থিত থাকে৷