/asomiyapratidin/media/media_files/2025/03/20/uwKPDULT8V2Nao6UcPzt.jpg)
ডিজিটেল সংবাদ, মৰিগাঁও : ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰৰ সহযোগত দেশৰ প্ৰতিটো অঞ্চলত ২০ ফেব্ৰুবাৰী, ২০২৫ ৰ পৰা ৩১ মার্চ, ২০২৫ লৈ অসংক্রামক ৰোগ চিনাক্তকৰণৰ বাবে আয়ুস্মান আৰোগ্য মন্দিৰকে ধৰি প্ৰতিখন স্বাস্থ্য কেন্দ্ৰত বিশেষ স্বাস্থ্য পৰীক্ষা অভিযানৰ পদক্ষেপ গ্ৰহণ কৰিছে। মৰিগাঁও জিলাতো সকলো স্বাস্থ্য কেন্দ্ৰত ৩০ বছৰৰ উদ্ধৰ প্ৰতিগৰাকী ব্যক্তিৰ অসংক্ৰামক ৰোগ যেনে উচ্চ ৰক্তচাপ,মধুমেহ, মুখগহ্বৰৰ,স্তন আৰু জৰায়ু মুখৰ কৰ্কট ৰোগ চিকিৎসা আৰু বিনামূলীয়া তেজ পৰীক্ষা, বিনামূলীয়া ঔষধ বিতৰণ আদি কাৰ্যৰ জৰিয়তে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি জনসাধাৰণৰ বাবে সেৱা আগবঢ়াই আছে।
/asomiyapratidin/media/media_files/2025/03/20/UXEJr8c1rocSnK3nQ6lg.jpg)
বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগনত জিলা স্বাস্থ্য বিভাগে বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি ৩০ উৰ্ধ্বৰ লোকসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰে । উক্ত শিবিৰত সংখ্যক কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাৰ মাজতে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us