/asomiyapratidin/media/media_files/2025/03/09/u9Rkv9RtIwY2dC8ppfsD.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ চিকিৎসা খণ্ডৰ অভূতপূৰ্ব উত্থানে এই ক্ষেত্ৰখনত ব্যাপক আশাৰ সঞ্চাৰ কৰিছে। ২০২৪চনত প্ৰায় ১ লাখ কোটিৰ এই বজাৰখনত শেহতীয়াকৈ প্ৰায় ১৭.২শতাংশ বৃদ্ধি পাইছে। অনুমান কৰা হৈছে যে, ২০৩৪খনত এই বজাৰখনে প্ৰৱেশ কৰিব ৪.৩লাখ কোটি টকাৰ ঘৰত।
ভাৰতৰ চিকিৎসা খণ্ডটোৱে ইতিমধ্যে চেৰ পেলাইছে ছিংগাপুৰ, থাইলেণ্ড, তুৰস্ক, ব্ৰাজিলৰ দৰে দেশক। শেহতীয়াকৈ প্ৰকাশ পাইছে যে. আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ চিকিৎসা ব্যৱস্থাৰ প্ৰতি আস্থা বৃদ্ধি পাইছে। অন্য দেশৰ তুলনাত ভাৰতত চিকিৎসা ব্যয়ো যথেষ্ট কম বুলি এক সমীক্ষাত শেহতীয়াকৈ প্ৰকাশ পাইছে।
ভাৰতলৈ বছৰি প্ৰায় ৭৩লাখ আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকে ভাৰতৰ চিকিৎসা কৰিবলৈ অহা বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। চিকিৎসাৰ ক্ষেত্ৰখনত বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ পৰিমাণো বৃদ্ধি পাইছে। এই সকলোবোৰ দিশৰ পৰা ভাৰতৰ চিকিৎসা ক্ষেত্ৰখন দিনকদিনে আগুৱাই যাবলৈ সক্ষম হৈছে।