শিক্ষা বিষয়াৰ নিৰ্যাতন সহিব নোৱাৰি প্ৰধান শিক্ষয়িত্ৰীৰ চৰম পন্থা

দীৰ্ঘদিনৰে পৰা বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ক বিহালী শিক্ষা বিষয়া মিলন দাসে বিদ্যালয়ৰ বিভিন্ন বিষয়কলৈ মানসিকভাৱে অকথ্য নিৰ্যাতন চলাই আহিছিল

author-image
Asomiya Pratidin
New Update
gggggg

ডিজিটেল সংবাদ, বিহালীঃ বিহালীত শিক্ষা বিষয়াৰ নিৰ্যাতন সহিব নোৱাৰি স্বগৃহত আত্মহত্যাৰ চৰম পন্থা বাচি ল'লে মায়া দেৱী উপাধ্যায় নামৰ মহিলা গৰাকীই ৷ অভিযোগ অনুসৰি, দীৰ্ঘদিনৰে পৰা বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ক বিহালী শিক্ষা বিষয়া মিলন দাসে বিদ্যালয়ৰ বিভিন্ন বিষয়কলৈ মানসিকভাৱে অকথ্য নিৰ্যাতন চলাই আহিছিল ৷ তদুপৰি শিক্ষা বিষয়া মিলন দাসে শিক্ষয়ত্ৰী গৰাকীৰ জুন মাহৰ দৰমহা পৰ্যন্ত বন্ধ ৰাখিছিল ৷

Advertisment

জানিব পৰা মতে, বিহালীৰ নাচবৰৰ নিবাসী লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে মৃত্যৰ পূৰ্বে এক চুইচাইড নোট লিখি থৈ গৈছে ৷ চুইচাইড নোটত বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মিলন দাস আৰু লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন দাসে মহিলা শিক্ষয়ত্ৰী গৰাকীক মানসিকভাৱে অত্যাচাৰ চলোৱা বুলি লিখিতভাৱে উল্লেখ কৰিছে ৷ আত্মহত্যা কৰা প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ ঘৰ বিহালীৰ নাছবৰত ৷ থান বিহালী গাঁৱৰ লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাবে কৰ্মৰত হৈ আছিল মায়া দেৱী ৷

বিহালী