অবিবাহিতা যুৱতীয়ে বিয়াৰ বাবে পিতৃ-মাতৃক ধন দাবী কৰিব পাৰে: উচ্চ ন্যায়ালয়

অবিবাহিতা যুৱতীয়ে বিয়াৰ বাবে পিতৃ-মাতৃক ধন দাবী কৰিব পাৰে: উচ্চ ন্যায়ালয়

author-image
asomiyapratidin
New Update
২০১৮ আৰু ১০ খন চৰ্চিত বিয়া….

ডিজিটেল ডেস্ক: অবিবাহিতা যুৱতীক লৈ ৩১ মাৰ্চত ছট্টীশগড় উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়ালয়ে কয় য়ে "হিন্দু এডপচন এণ্ড মেন্টেনেইনচ এক্ট,১৯৫৬ ৰ অধীনত অবিবাহিত যুৱতীয়ে নিজৰ বিয়াৰ বাবে পিতৃ-মাতৃক ধন দাবী কৰিব পাৰে"'।

Advertisment

চট্টীশগড় উচ্চ ন্যায়ালয়ে দুৰ্গ জিলাৰ নিবাসী ৩৫ বছৰীয়া মহিলা ৰাজেশ্বৰীয়ে দাখিল কৰা  এক আৱেদনত শুনানি গ্ৰহণ কৰে।২১ মাৰ্চত ন্যায়মুৰ্তি গৌতম ভাদুৰী আৰু ন্যায়মুৰ্তি সঞ্জয় এছ আগৰৱালৰ এখন বিচাৰপীঠে এই আৱেদনৰ শুনানিৰ অনুমতি দিছিল। অধিবক্তা একে তিৱাৰীয়ে কয় যে এক অবিবাহিতা হিন্দু যুৱতীয়ে নিজ পিতৃ-মাতৃক বিয়াৰ খৰচৰ দাবী কৰিব পাৰে।

উল্লেখ্য যে, ৰাজেশ্বৰী নামৰ মহিলা গৰাকীয়ে ২০১৬ চনত এক আৱেদন দাখিল কৰিছিল। এই আৱেদনত কৈছিল যে তেওঁৰ পিতৃক তেওঁৰ বিয়াৰ বাবে ২০ লাখ টকা দিবলৈ নিৰ্দেশ দিব লাগে। সেই সময়ত তেওঁৰ পিতৃয়ে ব্যৱসায়ৰ পৰা ৫৫ লাখ টকা লাভ কৰিছিল।

ৰাজেশ্বৰীৰ এই আৱেদনখন ২০১৬ চনৰ ২০ ফেব্ৰুৱাৰীত ফেমেলী কোৰ্টত খাৰিজ হয় যদিও তেওঁ পিছত উচ্চ ন্যায়ালয়ত আৱেদন কৰে। তাৰ পাছতেই ৩১ মাৰ্চ ২০২২ ত শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে।

আৰু পঢ়ক:

chattisgarh chattisgarh high court