ভাল খবৰঃ যিকোনো মূৰ্হুতত অসমৰ ৪৩লাখ লোকৰ একাউন্টত সোমাব ধন...

আজি ৰাজ্যৰ ৪৩লাখ লোকৰ একাউন্টত যিকোনো মূৰ্হূততে সোমাব পাৰে ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগতে দিলে এই ভাল খবৰটো।মঙলবাৰে পুৱাই সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰি

New Update
yhyhfff

ডিজিটেল ডেস্কঃ আজি ৰাজ্যৰ ৪৩লাখ লোকৰ একাউন্টত যিকোনো মূৰ্হূততে সোমাব পাৰে ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগতে দিলে এই ভাল খবৰটো।

Advertisment

মঙলবাৰে পুৱাই সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰি ড০ শৰ্মাই কয় যে, - আজি জুন মাহৰ ১০ তাৰিখ অৰ্থাৎ অৰুণোদয় দিন। আজিৰ দিনটোতে অসমৰ ৪৩ লাখৰো অধিক লোকলৈ পোনপটীয়া বেংক হস্তান্তৰেৰে মুঠ ৩৮৪ কোটি টকাতকৈও অধিক প্রাপ্য সাহায্য প্ৰেৰণ কৰা হ'ব। এয়া আমাৰ চৰকাৰৰ ধাৰাবাহিকতা বৰ্তাই আৰ্তজনৰ সামাজিক তথা আর্থিক সুৰক্ষা নিশ্চিতকৰণৰ এক দায়বদ্ধ প্রকাশ।

উল্লেখ্য যে, ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন আঁচনি হৈছে অৰুণোদয় আঁচনি। ইয়াৰ  জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ বাবে আৰু চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে, আৰু এই আঁচনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক পদক্ষেপ হিচাপে ঘোষিত হৈছে।

২০২১ চনৰ ১৬ জুলাই তাৰিখে অসম চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ২০২১-২০২২ বৰ্ষৰ বিত্তীয় বাজেটত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে পাবলগা ধনৰ পৰিমাণ ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা