দুটা তাৰিখত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন! ক'ত হৈছিল খেলিমেলি...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন কেতিয়া আপুনি জানেনে? সকলোৱে জানে যে মুখ্যমন্ত্ৰী জন্ম হৈছিল ১ফেব্ৰুৱাৰীৰ দিনটোত। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজেই

author-image
Asomiya Pratidin
New Update
hjhjিিি

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন কেতিয়া আপুনি জানেনে? সকলোৱে জানে যে মুখ্যমন্ত্ৰী জন্ম হৈছিল ১ফেব্ৰুৱাৰীৰ দিনটোত। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজেই ৰাজহুৱা কৰিলে যে,তেওঁৰ জন্মদিন আচঁলতে দুটা। কেনেকৈ তেওঁৰ জন্ম দিন দুটা, এই কথাও সবিস্তাৰে বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীয়ে।

Advertisment

সকলোৰে জানে যে, হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৬৯ৰ ১ফেব্ৰুৱাৰীত। কিন্তু গুৱাহাটীৰ কামৰূপ একাডেমীত অধ্যয়ন কৰোতে তেওঁৰ জন্মদিন ১ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে সকলো চাৰ্টিফিকেটত লিখি দিয়া হৈছিল ১এপ্ৰিল বুলি। গতিকে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ কাগজে-কলমে সকলোতে জন্মদিন ১ফেব্ৰুৱাৰী নহয়, ১ এপ্ৰিলহে।

এই কথা ১এপ্ৰিলৰ দিনটোত বিশ্বনাথত সাংবাদিকৰ আগত ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়- আচঁলতে মোৰ জন্মদিন যদিও ১ফেব্ৰুৱাাৰী, আঁচলতে কাগজে-কলমে মোৰ জন্মদিন ১এপ্ৰিলহে। কামৰূপ একাডেমীত পঢ়ি থাকোতে আমাৰ বেটচৰ সকলোৰে জন্মৰ তাৰিখ ১এপ্ৰিল কৰি দিছিল। সেয়েহে মোৰ সকলো চাৰ্টিফিকেটৰ জন্ম তাৰিখ এতিয়া ১এপ্ৰিল।

উল্লেখ কৰা প্ৰয়োজন যে, সোমবাৰে নিশা বিশ্বনাথৰ নৱনিৰ্মিত আৱৰ্ত ভৱনত নৈশ যাপন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ নিৰ্মাণ কৰা এই আৱৰ্ত ভৱনটোৰ প্ৰথমগৰাকী অতিথি মুখ্যমন্ত্ৰী ড০ শৰ্মা। লগতে তেওঁ ঘোষণা কৰে যে, প্ৰতিখন জিলাতে এতিয়াৰে পৰা এনে আৱৰ্তভৱন নিৰ্মাণ কৰা হব। যাতে অসমলৈ অহা প্ৰতি গৰাকী পৰ্যটকে ধুনীয়াকৈ অসমত থাকিব পাৰে। 

ড০ হিমন্ত বিশ্ব শৰ্মা