/asomiyapratidin/media/media_files/2025/07/25/gggggggggg-2025-07-25-09-47-23.jpg)
ডিজিটেল ডেস্কঃ বৰষুণৰ অভাৱত মূৰে-কপাঁলে হাত দিছে উজনি অসমৰ খেতিয়কসকলে। বৰষুণৰ অভাৱত শাওন মাহতে উজনিৰ বিভিন্ন অঞ্চলত পথাৰে ছিৰালফাঁট মেলিছে । কৃষি পথাৰত জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাত সমস্যাত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ বিশেষকৈ উজনিৰ কৃষকসকল ।
এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে আগন্তুক আগষ্ট মাহ পৰ্যন্ত এনে পৰিৱেশ থাকিলে অথবা বতৰৰ পৰিৱৰ্তন নহ'লে সমগ্ৰ উজনিক খৰাংপীড়িত অঞ্চল ঘোষণা কৰি কৃষকসকলক পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰা হ'ব ।
তেওঁ কয় যে, - আগষ্ট মাহ পৰ্যন্ত বতৰৰ পৰিৱৰ্তন নহ'লে কৃষক ৰাইজক ফচল বীমা যোজনাৰ জড়িয়তে সহায় কৰাৰ চেষ্টা কৰিম । পৰৱৰ্তী সময়তো যদি বতৰ এনেকুৱা হৈ থাকে তেতিয়াহ'লে কৃষি পথাৰত জলসিঞ্চন আঁচনি ৰূপায়ণৰ চিন্তা কৰা হ'ব ।