/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fef99f33-0d90-4d27-b092-688a9a7456f2/AP FOR WEB cm (1).jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীক সাক্ষাত কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যোৱা দেওবাৰে নিশা ফেচবুক লাইভত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ শেহতীয়া সাম্প্ৰতিক পৰিস্থিতিৰ লগতে বান পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰীগৰাকী।
উল্লেখ কৰা প্ৰয়োজন যে, ৩দিনীয়া কাৰ্যসূচীৰে দিল্লীত বাহৰ পাতি আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সময়চোৱাত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাত কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত আনুষ্ঠানিকভাৱে প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাই সাক্ষাত কৰিব নৰেন্দ্ৰ মোডীক।
দেওবাৰৰ নিশা এই ফেচবুক লাইভত কংগ্ৰেছ দলকো তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে সুৰক্ষা প্ৰদান কৰিব। গতিকে এই ক্ষেত্ৰত লেতেৰা ৰাজনীতি কৰি লাভ নাই। এনে ৰাজনীতি নকৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।