হাওৰাঘাটত আশা কৰ্মীৰ দৰমহা বৃদ্ধিৰ দাবীত উত্তাল প্ৰতিবাদ...

কাৰ্বি আংলং জিলাৰ হাওৰাঘটত আজি বুধবাৰে হাওৰাঘাট খণ্ডৰ অন্তৰ্গত আশা কৰ্মী সকলে হাওৰাঘাট অসামৰিক চিকিৎসালয়ৰ চৌহদত আশা কৰ্মীক নিযুক্তি দিয়ক, আশা কৰ্মীৰ দৰমহা বৃদ্ধি কৰক

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল সংবাদ, হাওৰাঘাটঃ  কাৰ্বি আংলং জিলাৰ হাওৰাঘটত আজি বুধবাৰে হাওৰাঘাট খণ্ডৰ অন্তৰ্গত আশা কৰ্মী সকলে হাওৰাঘাট অসামৰিক চিকিৎসালয়ৰ চৌহদত আশা কৰ্মীক নিযুক্তি দিয়ক, আশা কৰ্মীৰ দৰমহা বৃদ্ধি কৰক, we want justice, চৰকাৰৰ ভেকোভাওনা নচলিব, আমাৰ দাবী মানিবই লাগিব' আদি শ্ল'গানেৰে হাওৰাঘাট নগৰৰ আকাশ বতাহ উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীত প্ৰতিবাদী এগৰাকী আশা কৰ্মীয়ে নিজৰ ক্ষোভ উজাৰি কয় যে, চৰকাৰে আগতে আমাক দুটা কামৰহে দ্বায়িত্ব দিছিল, কিন্তু বৰ্তমান চৰকাৰ খনে আমাৰ ওপৰত ইমান কামৰ বোজা জাপি দিছে যে, কামৰ তুলনাত মজুৰি একেবাৰে নিম্নমানৰ। সেই মজুৰিৰে আমি পৰিয়াল পোহপাল দিব নোৱাৰোঁ।

উল্লেখ্য যে এই প্ৰতিবাদস্থলীত হাওৰাঘাট খণ্ডৰ কেইবা শতাধিক আশা কৰ্মী মহিলাই অসম চৰকাৰৰ প্ৰতি নিজৰ প্ৰাপ্য দাবী উত্থাপন কৰি পৰিৱেশ উত্তাল কৰি তোলে।

হাওৰাঘাট