হাওৰাঘাটত শিল্পী জয়মতী নাৰ্জাৰীক কৰ্মশ্ৰী বঁটা প্ৰদান...

হাওৰাঘাট ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা গৌৰৱোজ্জল ৬১ ৰঙালী বিহুৰ মঞ্চত বিশিষ্ট সমাজকৰ্মী, সংগঠক প্ৰয়াত লক্ষেশ্বৰ নাথৰ সোঁৱৰণত কৰ্মশ্ৰী বঁটা সংগীত শিল্পীগৰাকীক প্ৰদান কৰা হয় ।

author-image
Asomiya Pratidin
New Update
ghghg

ডিজিটেল সংবাদ, হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ সংগীত শিল্পী জয়মতী নাৰ্জাৰীক দেওবাৰে হাওৰাঘাট নগৰৰ শংকৰ মন্দিৰ প্ৰাংগণৰ বিহু মঞ্চত কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। হাওৰাঘাট ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা গৌৰৱোজ্জল ৬১ ৰঙালী বিহুৰ মঞ্চত বিশিষ্ট সমাজকৰ্মী, সংগঠক প্ৰয়াত লক্ষেশ্বৰ নাথৰ সোঁৱৰণত আৰু ন্যাস সমিতিৰ উদ্যোগত এই কৰ্মশ্ৰী বঁটাটি সংগীত শিল্পীগৰাকীক প্ৰদান কৰা হয় ।

এই বঁটাৰ সৈতে প্ৰশস্তি পত্ৰ আৰু নগদ ধনৰ টোপোলা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে,জনপ্ৰিয় সংগীত শিল্পী জয়মতী নাৰ্জাৰীয়ে নিজৰ কণ্ঠেৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাইজৰ পৰা বহু বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

বঁটা সমূহ ক্ৰমে ২০১৫ চনত সংগীত জেউতী, ২০২২ চনত ইংলং আতুৰ বঁটা ইত্যাদি । ইয়াৰ উপৰিও সংগীত শিল্পীগৰাকীয়ে দীপালি বৰঠাকুৰৰ সোণৰ খাৰু নালাগে ' শীৰ্ষক গীতটি বড়ো ভাষাত কণ্ঠ নিগৰাই সুনাম কঢ়িয়াই আনিছে।

হাওৰাঘাট