ডিজিটেল সংবাদ,হাওৰাঘাট: হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ১২ নং ফুলনি পৰিষদীয় সমষ্টিৰ চেণ্টাৰ বজাৰৰ ডেংকিমু আপাম'ত মাটিৰ পট্টা বিতৰণ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগৰ তৰফৰ পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ফুলনি, লাংহিন, মহামায়া, কৰকাণ্ঠী, হাওৰাঘাট, নমাটি, চ'ছেংধেণ্টা আৰু লাংফেৰ পৰিষদৰ সমষ্টিৰ অন্তৰ্গত জনজাতীয় ৰাইজৰ মাজত মাটিৰ পট্টা বিতৰণ কৰে।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং। আনহাতে আমন্ত্রিত অতিথি হিচাবে উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ', হাওৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, বৈঠালাংছ' সমষ্টিৰ বিধায়ক ৰূপছিং টেৰণ, ডিফু লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ হৰেণছিং বে' প্ৰমূ্খ্য কৰি পৰিষদৰ সদস্য ও ৰাজহ বিভাগৰ বিষয়া সকল উপস্থিত থাকে।